ইণ্ডিয়ান আইডল বৰ্জন কৰাৰ দাবী ! কিন্তু কিয়? প্রকৃততে কি হৈছে ইণ্ডিয়ান আইডলত?

Share
সামাজিক মাধ্যমত ট্রেণ্ডত এইবাৰ পিছে ছৱি বৰ্জন নহয় , চলিছে সংগীতৰ বিখ্যাত ৰিয়েলিটি শ্ব’ indian idol চিজন 13 বৰ্জন কৰাৰ দাবী । top 15   প্রতিযোগীক দেখি শ্ব’ মিছা বুলি অভিযোগ অনুৰাগীসকলৰ । শেহতীয়াকৈ তালিকা প্রকাশ পাইছিল শীৰ্ষ ১৫ গৰাকী প্রতিযোগীৰ নাম । কিন্তু তালিকাখনত নাথাকিল অৰুণাচল প্রদেশৰ ৰিতু ৰিবাৰ নাম। ৰিয়েলিটি শ্ব’ৰ অডিচনৰ সময়তে নিজৰ কন্ঠৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা ৰিতু ৰিবাৰ নাম নেদেখি ক্ষোভিত হৈ পৰে অনুৰাগীসকল । তাৰ পাছতে সামাজিক মাধ্যমত আৰম্ভ হ’বলৈ লয় ইণ্ডিয়ান আইডল বৰ্জনৰ দাবী। 
ৰিয়েলিটি শ্ব’ৰ নামত বিতৰ্ক হোৱাতো যেন তেনেই সাধাৰণ কথা হৈ পৰিছে । Big Boss , khatrou ke khiladi  ৰ পাছত এইবাৰ আৰম্ভ হৈছে ইণ্ডিয়ান আইডলক লৈ বিতৰ্ক। দৰাচলতে ইণ্ডিয়ান আইডলক  talent hunt  শ্ব’ বুলি কোৱা হৈছিল যদিও এতিয়া শ্ব’টোৰ অনুৰাগীসকলে যেন এই কথাত ষ্টাম্প মাৰিছে । ইয়াৰ কাৰণেই হ’ল ইণ্ডিয়ান আইডল চিজন 13 ত অডিচন দিবলৈ অহা ৰিতু ৰিবা , যি অৰুণাচল প্রদেশৰ এগৰাকী কন্ঠশিল্পী আৰু সংগীত সুৰকাৰ ৰিটো ৰিবা। বিচাৰকৰ সন্মুখতে নিজে ৰচা গীত গাই দৰ্শকসকলক মনমুগ্ধ কৰা ৰিতু ৰিবাক পুনৰ  ইণ্ডিয়ান আইডলৰ মঞ্চত ঘূৰাই অনাৰ দাবী বিভিন্নজনৰ । বিভিন্নজনে ৰিতু ৰিবাক লৈ মন্তব্য কৰিছে ইণ্ডিয়ান আইডল বয়কট কৰিব লাগে বুলি ।

Leave a Reply

Your email address will not be published. Required fields are marked *