সপোনৰ দৌৰত ভাৰতীয় ফুটবলঃছাফ চেম্পিয়নশ্বিপত ভাৰত চেম্পিয়ন

Share

ছাফ চেম্পিয়নশ্বিপত চেম্পিয়নৰ খিতাপ দখল ভাৰতৰ। মঙলবাৰে  ভাৰত আৰু কুৱেইটৰ মাজত হোৱা  ছাফ চেম্পিয়নশ্বিপ ফুটবলত  নৱমবাৰলৈ খিতাপ অৰ্জন কৰিলে ভাৰতে । বাংগালুৰুৰ কাণ্টিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফুটবল মেচত ভাৰতে কুৱেইটক ৫-৪ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। ১২০ মিনিটত ১-১ গলত অচলাৱস্থাৰ সন্মুখীন হোৱাৰ পিছত ভাৰতে উত্তেজনাপূৰ্ণ পেনাল্টি শ্বুটআউটত কুৱেইটক পৰাস্ত কৰি ছাফ চেম্পিয়নশ্বিপত  চেম্পিয়ন হয় ভাৰতে।

মেচখনৰ ১৪ মিনিটত কুৱেইটৰ আল খালিদিয়ে প্ৰথমটো গ’ল কৰি কুৱেইটক অগ্ৰগতি দিয়ে। ইয়াৰ পিছত ভাৰতৰ হৈ ৩৮ মিনিটত চাংটেই ভাৰতৰ হৈ এটা গ’ল কৰি সমতা স্থাপন কৰে।

ভাৰতৰ এই সফলতাক লৈ ফুটবল প্ৰেমীৰ মাজত এতিয়া অপাৰ আনন্দ । ভাৰতৰ এই সাফল্যৰ মূলতেই গুৰপ্ৰীত সিং সান্ধু। ভাৰতক ফাইনেলত উপনীত কৰোৱাত তেওঁৰ উল্লেখনীয় ভূমিকাই প্ৰশংসাৰ প্ৰাপ্ত কৰি তুলিছে।

উল্লেখযোগ্য যে,  ২০১৩ ৰ ফিফা ৰেংকিঙত ভাৰত ১৪৭ স্থানত আছিলে, কিন্তু ভাৰতীয় ফুটবল টীমৰ এই সাফল্যত ভাৰতে ২০২৩ৰ  ফিফা ৰেংকিঙত  ১০০ স্থান পাবলৈ সক্ষম হয়। এতিয়া মাথো  অপেক্ষা ভাৰতীয় ফুটবলক ফিফা ৱৰ্ল্ড কাপত অৱৰ্তীণ হোৱাৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *