গুৱাহাটী,১৫ ছেপ্তেম্বৰ, নিউজ ডেস্কঃ ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা ৰবীন উথাপ্পাৰ। ২০০৭ চনৰ টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় দলৰ অন্যতম টীম ইণ্ডিয়াৰ প্ৰাক্তন অ’পেনাৰ আছিল ৰবীন উথাপ্পা। ৰবীন উথাপ্পাই ২০১৫ চনত শেষবাৰৰ বাবে ভাৰতৰ হৈ খেলিছিল।বুধবাৰে সামাজিক মাধ্যমৰ জৰিয়তে ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে প্ৰাক্তন খেলুৱৈ গৰাকীয়ে। তেওঁ কয় যে, ” মোৰ দেশ আৰু মোৰ ৰাজ্য কৰ্ণাটকক প্ৰতিনিধিত্ব কৰাটো মোৰ বাবে সৰ্বশ্ৰেষ্ঠ সন্মানৰ কথা। অৱশ্য সকলো ভাল কথাৰ অন্ত পৰিবই লাগিব। সকলোকে হৃদয়েৰে কৃতজ্ঞতা জনাই মই ভাৰতীয় ক্ৰিকেটৰ সকলো ধৰণৰ খেলৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো। পেছাদাৰী ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰাৰা ২০ বছৰ হ’ল। মোৰ দেশ আৰু কৰ্ণাটক ৰাজ্যৰ উত্থান-পতনৰ যাত্ৰাক প্ৰতিনিধিত্ব কৰাটো আটাইতকৈ ডাঙৰ সন্মান।”