পাকিস্তানলৈ যাব ভাৰতীয় ক্ৰিকেট দল

Share

আগন্তুক বছৰত পাকিস্তানৰ মাটিত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী।অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগীতাখনক লৈ এতিয়াৰে পৰা আৰম্ভ হৈছে বহুতো চৰ্চা।এই চৰ্চাৰ মাজতে বি চি চি আইৰ ফালৰ পৰা তথ্য প্ৰকাশ কৰিছে যে পাকিস্তানলৈ ভাৰতীয় ক্ৰিকেট দলক প্ৰেৰণ কৰিবলৈ সাজু হৈছে ব’ৰ্ড।কিন্তু ইয়াৰ বাবে পূৰণ কৰিব লাগিব এটা চৰ্ত।ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষীক ছিৰিজ অনুষ্ঠিত নোহোৱা এটা যুগ পাৰ হোৱাৰ লগতে পাকিস্তানলৈ ভাৰতীয় দল খেলিবলৈ নোযোৱা প্ৰায় ডেৰ দশকেই পাৰ হ’ল।কেৱল আই চি চি টুৰ্ণামেণ্টত এই দুই দল মুখামুখী হয় আৰু তেতিয়াই দেখা পোৱা যায় এই দুই দলৰ অনুৰাগীৰ মাজত প্ৰবল উ९সাহ।ভাৰত আৰু পাকিস্তানৰ ৰাজনৈতিক,কূতনৈতিক সম্পৰ্ক অৱনতি ঘটাৰ বাবেই ভাৰতে পাকিস্তানৰ সৈতে সম্পৰ্ক এৰাই চলি আহিছে।এনে পৰিস্থিতিত চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দল পাকিস্তানলৈ যাব নে নাই তাক লৈ চৰ্চা হোৱাটো স্বভাৱিক কথা।বিগত বছৰত এছিয়া কাপৰ সময়ত ভাৰত পাকিস্তানলৈ নোযোৱাৰ বাবেই সৃষ্ঠি হৈছিল এক জটিল পৰিস্থিতি।পাকিস্তানে এছিয়া কাপ অনুষ্ঠিত কৰাৰ স্বত্ব লাভ কৰাৰ পাছতো ভাৰতীয় দল পাকিস্তানলৈ নোযোৱাৰ বাবেই হাইব্ৰীড পদ্ধতিৰে শ্ৰীলংকাৰ সৈতে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *