ক্ৰীড়া জগতত পুনৰ গৌৰৱ কঢ়িয়াই আনিলে ভাৰতীয় ক্ৰিকেট দলে

Share

 ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দেওবাৰে অনুষ্ঠিত হোৱা দ্বিপাক্ষিক শৃংখলাৰ প্ৰখমখন মেচত বৃহত জয় সাব্যস্ত কৰিলে ভাৰতে। জোহাস্নবাৰ্গৰ নিউ ৱানডাৰচ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা শ্বাহ ৰুদ্ধকাৰী মেচখনত কে এল ৰাহুল নেতৃত্বাধীন ভাৰতীয় দলে ৮ উইকেটত জয়ী হয়। প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই অৰ্শদীপ আৰু আবেশ খানৰ বিধ্বংসী বলিঙৰ সন্মুখত ১১৬ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয়। ইয়াৰ প্ৰত্যুত্তৰত নৱাগত ছাই ছুদৰচন আৰু শ্ৰেয়ছ আয়াৰৰ অৰ্ধশতকৰ বলত মাত্ৰ ১৬.৪ অভাৰতে ভাৰতে এই লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ অৰ্শদীপ সিঙে ৫টা উইকেট লাভ কৰাৰ লগতে আবেশ খানে লাভ কৰিছিল ৪টা উইকেট। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত এই শৃংখলাৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হব পৰ্ট এলিজাবেঠত।

Leave a Reply

Your email address will not be published. Required fields are marked *