শোভাশ্ৰী বাৰিক,৮ অক্তোবৰঃঅৰুনাচল প্ৰদেশৰ তাৱাঙত প্ৰকৃত নিয়ন্ত্ৰনৰেখা অতিক্ৰম কৰি ভাৰতীয় ভূ খন্ডত প্ৰৱেশ কৰিলে চীনা সেনাই ঝঙকাৰ ধ্বঙস কৰাৰ উদ্দেশ্যেৰে ভাৰতৰ ভূ খন্ডত প্ৰৱেশ কৰা চীনা সেনাক কিছুসময়ৰ বাবে আবদ্ধ কৰি ৰাখিলে ভাৰতীয় সেনাই। এই কথা জনাইছে ভাৰত চৰকাৰৰ বিশেষ সূত্ৰই ।
সূত্ৰটোৱে দাবী কৰে যে,বিগত সপ্তাহত অৰুনাচল প্ৰদেশৰ তাৱাঙৰ বুম লা আৰু ইয়াঙটচৰ আশে পাশে এই ঘটনা সঙঘটিত হৈছে।তিব্বতৰ ফালৰ পৰা প্ৰকৃত নিয়ন্ত্ৰন ৰেখা অতিক্ৰম ৰেখা অতিক্ৰম কৰি ভাৰতীয় ভূ খন্ডত সোমাই পৰিছিল প্ৰায় ২০০ চীনা সৈন্য ।
জনা গৈছে যে, ভাৰতীয় ভূ খন্ডত প্ৰৱেশ কৰাৰ পিছত কিছু ঝঙকাৰ দখল কৰিবলৈ চেষ্টা কৰিছিল চীনা সৈন্যই। খবৰ লাভ কৰি লগে লগে ঘটনাস্ঠলীত উপস্ঠিত হয় ভাৰতীয় সেনা । আৰু চীনা সৈন্যক কিছু সময়ত ধৰি আবদ্ধ কৰি ৰাখে। পিছত দুয়োখন দেশৰ সেনা বিষয়াৰ মাজত হোৱা আলোচনাৰ জৰিয়তে চীনা সেনাক এৰি দিয়া হয়।