ভাৰতৰ বাবে আজি এটা সুখৰ দিন। দুটাকৈ শিতানত শ্ৰেষ্ঠত্বৰ খিতাপ দখল কৰি সমগ্ৰ বিশ্বৰ সন্মুখত পুনৰ এবাৰ চিনাকী দাঙি ধৰিলে ভাৰতে। ‘আৰ আৰ আৰ’ বোলছবিৰ জনপ্ৰিয় গীত ‘নাটু নাটু’ গীতে লাভ কৰিলে অস্কাৰ বঁটা। ইয়াৰোপৰি গুনীত মংগাৰ তথ্যচিত্ৰ ‘দ্য এলিফেন্ট হুইছপাৰ্ছ’ ই লাভ কৰিছে অস্কাৰ বঁটা।
‘দ্য এলিফেন্ট হুইছপাৰ্ছ’ হৈছে নেটফ্লিক্সৰ এখন তথ্যচিত্ৰ। ইয়াৰ পৰিচালক কাৰ্টিকি গনছালভেচ আৰু প্ৰযোজক গুনীত মংগা। এই তথ্যচিত্ৰখন এহাল দম্পতীয়ে অকলে এৰি থৈ যোৱা এটা হাতী আৰু ইয়াৰ মাজত থকা অবিচ্ছেদ্য বন্ধনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল। এই শিতানত প্ৰথমবাৰৰ বাবে ভাৰতে লাভ কৰিলে এই বিশেষ সাফল্য।
আনফালে অৰিজিনেল ছং শাখাত অস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এছ এছ ৰাজামৌলীৰ ছবি আৰ আৰ আৰৰ গীত নাটু নাটুৱে। এম এম কীৰাৱণীয়ে এই বিশেষ গীতটি ৰচনা কৰিছে, গীতৰ কথা লিখিছে চন্দ্ৰ বসুৱে আৰু কণ্ঠ নিগৰাইছে কাল ভৈৰৱ আৰু ৰাহুল ছিপলিগঞ্জয়ে।
ইফালে প্ৰধানমন্ত্ৰীয়ে ‘নাটু নাটু’ আৰু ‘দ্য এলিফেন্ট হুইছপাৰ্ছ’ ক অস্কাৰ বঁটা লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।