ছেমি ফাইনেলত ভাৰত মুখামুখি হব অষ্ট্ৰেলিয়াৰ

Share

দেওবাৰে ডুবাইত অনুষ্ঠিত হোৱা চেম্পিয়নছ ট্ৰফী,২০২৫ ৰ- গ্ৰুপ এৰ অন্তিমখন লীগ মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ। ভাৰতীয় দলটোৱে ৪৪ ৰানত পৰাস্ত কৰে কিৱি বাহিনিক। ইয়াৰ লগে লগে ভাৰতে নিজৰ গ্ৰুপত দখল কৰে শীৰ্ষ স্থান। ৪ মাৰ্চত চেম্পিয়নছ ট্ৰফী,২০২৫ ৰ প্ৰথমখন ছেমি ফাইনেলত ভাৰত মুখামুখি হব অষ্ট্ৰেলিয়াৰ। দেওবাৰে ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনৰ টছত নিউজিলেণ্ড জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় আৰু বেটিং কৰিবলৈ ভাৰতক আমন্ত্ৰন জনায়। প্ৰথমে বেটিং কৰি ভাৰতে ৫০ অভাৰত ৯ টা উইকেট হেৰুৱাই ২৪৯ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু নিউজিলেণ্ডক  বান্ধি দিয়ে ২৫০ ৰানৰ লক্ষ্য। ২৫০ ৰানৰ লক্ষ্য আগত ৰাখি কিৱি বাহিনি ক্ৰীজত নামি ৪৩.৫ অভাৰত আটাইকেইটা উইকেইট হেৰুৱাই ২০৫ ৰানতে সীমাবদ্ধ থাকে। যাৰ বাবে ভাৰতে ৪৪ ৰানত জয়ী হবলৈ সক্ষম হয়। মেচ খনৰ আৰম্ভনিতে টিম ইণ্ডিয়াৰ কেইবাজনো টপ বেটছমেন ৰান সংগ্ৰহত ব্যৰ্থ হৈছিল। ইয়াৰ পাছত বৰুণ চক্ৰৱৰ্তীয়ে বৰুণ চক্ৰৱৰ্তীয়ে প্ৰথমে গ্লেন ফিলিপছক ১২ আৰু তাৰপিছত মাইকেল ব্ৰেচৱেলক ২ ৰাণত আউট কৰে ।বৰুণে কিৱি বাহিনিৰ ৫টা উইকেট দখল কৰে আৰু দলটোয়ে জয় লাভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *