গুৱাহাটী,১৫ ছেপ্টেম্বৰ:প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতত অনুষ্ঠিত হোৱা জি-২০ সন্মিলনৰ সফল পৰিসমাপ্তি ঘটে । বিগত ৯ ৰ পৰা ১০ ছেপ্টেম্বৰলৈ দিল্লীত আয়োজন কৰা এই জি-২০ সন্মিলনত উপস্থিত থাকে আমেৰিকা, চীন, ইটালী আৰু ৰাছিয়াৰ দৰে বিশ্বৰ বৃহৎ অৰ্থনীতি সম্পন্ন দেশৰ প্ৰতিনিধিসকল । এই সন্মিলনৰ সফলতাৰ পিছতেই আকৌ ভাৰতে অহা নৱেম্বৰত এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত কৰিব, জি-২০ৰ সভাপতিত্বতেই ভাৰতে অনুষ্ঠিত কৰিব এই বৈঠকৰ । ভাৰ্চুৱেলী অনুষ্ঠিত হ’ব লগীয়া এই অনুষ্ঠানৰ পিছতেই ভাৰতে জি-২০ ৰ সভাপতিত্ব অৰ্পন কৰিব ব্ৰাজিলক ।
জি-২০ ৰ পিছতেই এতিয়া ভাৰতে অনুষ্ঠিত কৰাৰ যো-জা চলাইছে কোৱাড সন্মিলনৰ । কোৱাড সন্মিলনত উপস্থিত থাকিব জাপান, আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ দৰে মহাশক্তিৰ । মূলতঃ অগ্ৰাসী চীনক ৰোধ কৰাৰ লগতে সদস্য ৰাষ্ট্ৰ সমূহৰ লগত অৰ্থনৈতিক সম্পৰ্ক স্থাপনৰ বাবে অনুস্থিত কৰা হ’ব এই বৈঠক ।