বিশ্বৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা শীৰ্ষ স্থানত ভাৰত

Share

 বিশ্বৰ আটাইতকৈ জনবহুল দেশ হ’ল ভাৰত।পূৰ্বানুমান সঠিক প্ৰমাণ কৰি ভাৰতে চুবুৰীয়া দেশ চীনক অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ জনবহুল ৰাষ্ট্ৰত পৰিণত হ’ল।বিশ্বৰ সকলো দেশকে অতিক্ৰম কৰিলে ভাৰতে। ৰাষ্ট্ৰসংঘৰ জনসংখ্যা নিধিৰ প্ৰতিবেদন উল্লেখ কৰি মাৰ্কিন সংবাদ প্ৰতিষ্ঠান ব্লমবাৰ্গৰ দাবী চীনৰ ১৪২.৫ কোটি জনসংখ্যাৰ বিপৰীতে আজিৰ দিনটোত ভাৰতৰ জনসংখ্যা ১৪২.৮ কোটিলৈ বৃদ্ধি পাইছে।

ৰাষ্ট্ৰসংঘই বোধবাৰে প্ৰকাশ কৰা ‘৮ বিলিয়ন জীৱনঃ অসীম সম্ভৱনা শিৰোনামৰ প্ৰতিবেদনত ভৱিষ্যদ্বাণী কৰা হৈছে অহা ৩০ বছৰত ভাৰতৰ জনসংখ্যা বৃদ্ধি অব্যাহত থাকিব,তিনি দশকৰ পিছত জনসংখ্যা নিম্নগ্যামি হোৱাৰ সম্ভৱনা আছে।

প্ৰতিবেদনখনৰ মতে ভাৰতৰ জনসংখ্যাই ১৬৫ কোটি ঘৰ পোৱাৰ পিচতে নিম্নমুখী হোৱাৰ দিশে আগবাঢ়িব।২০২১ চনত কোৰোনাৰ বাবে ভাৰতৰ লোকপিয়ল কৰোৱা হোৱা নাছিল,সেই সূত্ৰ ১.৬ শতাংশ বৃদ্ধিৰ হাৰত ভাৰতৰ জনসংখ্যা বৃদ্ধি অনোমান কৰি সিদ্ধান্তলৈ আহিছে ৰাষ্ট্ৰসংঘ।

Leave a Reply

Your email address will not be published. Required fields are marked *