পেৰিছ অলিম্পিকৰ সফল সামৰণিৰ পিছত পেৰিছত আৰম্ভ হৈছে পেৰিছ পেৰালিম্পিক।২৮ আগষ্টৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত ১৬৭খন দেশৰ ৪ হাজাৰ ৪০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।ভাৰতৰ পৰা এই প্ৰতিযোগিতাত ৮৪জনীয়া খেলুৱৈৰ দলে ভাগ লৈছে।২০২৪ চনৰ পেৰালিম্পিকৰ ২২টা শিতানৰ ভিতৰত ১২টা প্ৰতিযোগিতাত ভাগ লৈছে ভাৰতীয় খেলুৱৈসকলে।ভাৰতৰ হৈ উন্মোচনী অনুষ্ঠানৰ পতাকা বহন কৰে ভাগশ্ৰী জাধৱ আৰু সুমিত আন্তিলে।যদিও পেৰিছ অলিম্পিক ২০২৪ত ভাৰতৰ প্ৰদৰ্শন সন্তোষজনক নহয় কিন্তু ৬৪ বছৰৰ অভিলেষ ভংগ কৰি পেৰালিম্পিকত সফলতাৰ নতুন কাহিনী লিখিছে ভাৰতে।বৰ্তমান সময়লৈ ভাৰতে পেৰালিম্পিকত ৩টা স্বৰ্ণ, ৭টা ৰূপ আৰু ১০টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।শ্বুটিংত মহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ শাখাত অৱনী লেখাৰাই এইবছৰৰ পেৰালিম্পিকৰ প্ৰথমটো সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয়।ইয়াৰ পিছত বেডমিন্টনত পুৰুষৰ একক এছএল৩ শাখাত নিতেশ কুমাৰে আৰু পুৰুষৰ জেভলীন থ্ৰ’ এফ৬৪ শাখাত নিতেশ কুমাৰে সোণৰ পদক আজুৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।মুঠ ২০ টা পদকেৰে তালিকাৰ ১৯ নম্বৰ স্হানত আছে ভাৰতবৰ্ষ।৫৩টা সোণ,৪০টা ৰুপ আৰু ২২ টা ব্ৰঞ্জৰ পদক লাভ কৰি সৰ্বমুঠ ১১৫ টা পদকসহ শীৰ্ষ স্হানত চীন।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে টকিঅ’ পেৰালিম্পিকত ভাৰতে ১৯ টা পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল।কিন্তু পেৰিছ পেৰালিম্পিকত ভাৰতে বিগত ৬ দিনত ২০ টা পদক জয় কৰি এতিয়ালৈ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে দেশৰ খেলুৱৈসকলে।অহা ৮ ছেপ্তেম্বৰত পেৰিছ পেৰালিম্পিকৰ সামৰণি পৰিব।