ইণ্ডিয়া ব্লকে আৰম্ভ কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ

Share
যোৱা দেওবাৰে মুম্বাইৰ শিৱাজী পাৰ্কত লোকসভা নিৰ্বাচনৰ ৰণডংকা বজাই কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী দলৰ মিত্ৰজোঁট ইণ্ডিয়া ব্লকে।মিত্ৰজোঁট ইণ্ডিয়া ব্লকে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিবলৈ শিৱাজী পাৰ্কত অনুষ্ঠিত কৰে এক বৃহ९ ৰেলীৰ।এই ৰেলীয়ে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰো সমাপ্তি ঘোষণা কৰে।ইয়াৰোপৰি ৰেলীত উপস্থিত থাকে তামিলনাডুৰ মূুখ্যমন্ত্ৰী এম কে ষ্টালিন,আৰজেডি নেতা তেজস্বী যাদৱ,মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে,জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি,নেচনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুকা আব্দুল্লা,এনচিপিৰ সভাপতি শৰদ পাৱাৰ আৰু আপ নেতা সৌৰভ ভাৰদ্বাজকে ধৰি বহুকেইজন শীৰ্ষ নেতা।আনহাতে চিপিআইৰ সাধাৰণ সম্পাদক দীপাংকৰ ভট্টাচাৰ্য,ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই সোৰেন আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ পত্নী কল্পনা সোৰেনো এই অনুষ্ঠানত উপস্থিত থাকে।
ইয়াৰোপৰি ৰাহুল গান্ধীয়ে ৰেলীৰ সময়ত ভাষণ প্ৰদান কৰে।ৰাহুল গান্ধীয়ে ভাষণৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি মোদীক ‘মুখাধাৰী’ আৰু ‘ফোঁপোলা ব্যক্তি’ বুলি অভিহিত কৰে।ইয়াৰোপৰি ৰাহুল গান্ধীয়ে ভাষণত মন্তব্য কৰে যে,”মোদী কেৱল এখন মুখা,ঠিক বলিউডৰ অভিনেতাৰ দৰে।তেওঁ কাম কৰিবলৈ আদেশ পাইছে।তেওঁক পুৱা সাৰ পাবলৈ,সাগৰত জঁপিয়াবলৈ বা সাগৰীয়া বিমান উৰাবলৈ কোৱা হৈছে।তেওঁৰ বুকু ৫৬ ইঞ্চিৰ নহয়,কিন্তু তেওঁ এজন ফোঁপোলা ব্যক্তি”।লগতে ৰাহুল গান্ধীয়ে কয় যে,”প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক ভয় কৰে,কিয়নো ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনক আভ্যন্তৰীণভাৱে প্ৰত্যক্ষ কৰিছে আৰু চৰকাৰখনৰ ভিতৰছোৱাৰ ব্যৱস্থাটোৰ সৰ্ম্পকে ৰাহুল গান্ধী অৱগত”।
আনহাতে ৰাহুল গান্ধীয়ে কয় যে,”কোনেও মোক দমন কৰিব নোৱাৰে।মই সকলো দেখিছোঁ আৰু সকলোবোৰ বুজি পাইছোঁ”।ইয়াৰোপৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ইণ্ডিয়া ব্লকৰ ৰেলীত মন্তব্য কৰে যে,”মোদীৰ গেৰাণ্টি ধনীসকলৰ বাবে আৰু আমাৰ গেৰাণ্টি সাধাৰণ মানুহৰ বাবে।” উল্লেখযোগ্য যে,”EVMৰ অবিহনে নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচন জিকিব নোৱাৰে” বুলি মন্তব্য কৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে।লগতে ৰাহুল গান্ধীয়ে কয় যে,”ৰজাৰ আত্মা EVMত আছে”।আনহাতে সংবাদ মাধ্যমক লৈ ৰাহুল গান্ধীয়ে মন্তব্য কৰে যে,”আমি যাত্ৰা এই কাৰণেই কৰিব লগা হ’ল কাৰণ আজিৰ সংবাদ মাধ্যমে দেশৰ গুৰুত্বপূৰ্ণ বিষয়ে উত্থাপন নকৰে”।

Leave a Reply

Your email address will not be published. Required fields are marked *