ইংলেণ্ডক ৬৮ ৰাণত পৰাস্ত কৰি টি-২০ বিশ্বকাপ ট্ৰফিলৈ আৰু এখোজ বাকী ভাৰতৰ

Share

প্ৰতিশোধেই ভাৰতৰ প্ৰথম লক্ষ্য।২০২২ চনৰ ১০ নৱেম্বৰ।স্থান অষ্ট্ৰেলিয়াৰ এডিলেইড অ’ভেল।সেই দিনটোৰ দুঃস্বপ্নই আজিও খেদি ফুৰে অজস্ৰ ক্ৰিকেট অনুৰাগীক।অৱশেষত প্ৰতিশোধ পূৰণ হ’ল ৰোহিত বাহিনীৰ।

আকাংশাই যেন সত্য প্ৰমাণ হ’ল।বৃহস্পতিবাৰে গায়ানাত অনুষ্ঠিত হোৱা ভাৰত আৰু ইংলেণ্ডৰ মাজৰ টি-২০ মেচত বৰষুণে দিলে বিধি পথালি।বৰষুণৰ পাছত খেল অনুষ্ঠিত হৈছিল যদিও ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে দুৰ্দান্ত বিজয় সাব্যস্ত কৰে।ইংলেণ্ডৰ বিৰুদ্ধে ৬৮ ৰাণত জয়ী হৈছে টীম ইণ্ডিয়া।

খেল খনৰ প্লেয়াৰ অৱ দ্য মেচ খিতাপ অৰ্জন অক্ষৰ পেটেলৰ।অক্ষৰ পেটেলে লাভ কৰে তিনিটাকৈ উইকেট।শনিবাৰে প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।  

Leave a Reply

Your email address will not be published. Required fields are marked *