জোনবাই বুকুত ইতিহাস ৰচিবলৈ সাজু হৈছে ভাৰত তথা দেশবাসী

Share

সমগ্ৰ বিশ্বজুৰি বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে চন্দ্ৰযান-৩।আজি সন্ধিয়া ৬ বাজি ৪ মিনিটত চন্দ্ৰপৃষ্টত চন্দ্ৰযান-৩ ৰ অৱতৰণৰ সময় নিৰ্ধাৰণ কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই।

উল্লেখযোগ্য যে, ইছৰোৰ এই চন্দ্ৰযান -৩ চন্দ্ৰপৃৃষ্টত অৱতৰণ কৰাৰ বাবে নিৰ্ধাৰিত সময়ত এই ঐতিহাসিক দৃশ্য উপভোগৰ বাবে সমগ্ৰ দেশৰ প্লেনেটৰিয়াম ,শিক্ষানুষ্ঠান আৰু বিভিন্ন সংগঠনে প্ৰস্তুতি চলোৱা দেখা গৈছে।

উল্লেখ্য যে, দিল্লীৰ ইন্দিৰা গান্ধী প্লেনটেৰিয়ামৰ উদ্যোগত আজি ইয়াৰ চৌহদত চন্দ্ৰযান -৩ সম্পৰ্কীয় এক কৰ্মশালাৰ আয়োজন কৰা হ’ব।আনহাতে পুৱা ১০.৩০ বজাৰ পৰা ১২.৩০ বজালৈ প্লেনেটৰিয়ামৰ চৌহদত অনুষ্ঠিত  কৰা হৈছে এই কৰ্মশালা।এই কৰ্মশালাত ৰিম’ট চেস্নিং এণ্ড এপ্লিকেচন চেন্টাৰৰ বিজ্ঞানী ড০ অনিৰুদ্ধ উনিয়ালে চন্দ্ৰৰ ওপৰত এক অন্তদৃষ্টিসম্পন্ন বকৃতা প্ৰদান কৰিব।তদুপৰি এই কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব ।যাৰ ফলত সাধাৰণ জনতাই ইয়াত নিয়োজিত হোৱাৰ এক অনন্য সুযোগ লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *