আজি উন্মোচিত হ’ব বহুচৰ্চিত গ্ৰন্থ গো-মাংস, গো-মাতা: গাহৰি আৰু সাম্প্ৰদায়িকতা ৰ দ্বিতীয় সংস্কাৰণ

Share

প্ৰাঞ্জল প্ৰতিম ডেকাৰ প্ৰতিবেদন

গুৱাহাটী,৬ আগষ্ট:: সাম্প্ৰতিক প্ৰেক্ষাপটৰ পটভূমিত ৰচিত তথা ভাষা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থকাৰ মুকুট শৰ্মাৰ বহুচৰ্চিত গ্ৰন্থ “গো-মাংস,গো-মাতা :গাহৰি আৰু সাম্প্ৰদায়িকতা”ৰ প্ৰকাশৰ ১৬ ঘন্টাৰ ভিতৰতেই প্ৰথম সংস্কাৰণ সকলো গ্ৰন্থ বিক্ৰী হোৱাত গ্ৰন্থ খনৰ দ্বিতীয় সংস্কাৰণ আজি অনলাইন যোগে উন্মোচিত হ’ব । Google Meet ৰ মাধ্যমেৰে হ’ব লগীয়া উন্মোচনী সভাখনত গ্ৰন্থখন উন্মোচন কৰিব বিশিষ্ট নিবন্ধকাৰ ড° পদ্মলোচন নাথে । আজি সন্ধিয়া ৭ বজাৰ পৰা ৭-৪৫ বজালৈ Google Meet যোগে হ’ব লগীয়া উন্মোচনী সভাখনত তলৰ লিংকটোৰ জৰিয়তে পাঠক ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ভাষা প্ৰকাশনৰ হৈ সমন্বয়ক ৰাহুল দেৱ শৰ্মাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *