গোলাঘাটত ১,৫০০ কোটি টকা ব্যয় সাপেক্ষে ১৪টা প্ৰকল্পৰ উদ্বোধন আনৰু আধাৰশীলা স্থাপন

Share

গোলাঘাট জিলাৰ বাবে নিৰ্ধাৰিত মুঠ ১,৫০০ কোটি টকা ব্যয় সাপেক্ষে ১৪টা প্ৰকল্পৰ  উদ্বোধন আৰু আধাৰশীলা স্থাপন। ৭  ডিচেম্বৰ  তাৰিখে গোলাঘাট জিলাত  ৬৩১ কোটি টকা ব্যয়সাপেক্ষ বগৰিজেঙৰ চিকিৎসা মহাবিদ্যালয়ৰ লগতে অন্যান্য  প্ৰকল্পসমূহৰ উদ্বোধন  আৰু আধাৰশীলা স্থাপন  কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ  কৰি কলে যে ঐতিহাসিক  জিলাখনক অসমৰ এক অন্যতম প্ৰগতিশীল জিলা হিচাপে চিহ্নিত কৰিব বুলি মই দৃঢ়বিশ্বাসী। মই নিশ্চিত যে ৬৩১ কোটি টকা ব্যয়সাপেক্ষ বগৰিজেঙৰ চিকিৎসা মহাবিদ্যালয়ৰ লগতে অন্যান্য প্ৰকল্পসমূহে ভাৰত মাতৃৰ বীৰ পুত্ৰ কুশল কোঁৱৰ আৰু জিণ্টু গগৈৰ গৃহ জিলাখনৰ ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ পূৰামাত্ৰাই সক্ষম হ’ব। আনহাতে এই  অনুষ্ঠানত  উপস্থিত ঠাকিল  বিত্ত মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ, বিদ্যু মন্ত্ৰী  নন্দিতা গাৰ্লোছা, স্বাস্থ মন্ত্ৰী কেশৱ মহন্ত আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে মাননীয় বিধায়ক শ্ৰীবিশ্বজিৎ ফুকন, শ্ৰীভবেন ভৰালী আৰু শ্ৰীমৃণাল শইকীয়া ।

Leave a Reply

Your email address will not be published. Required fields are marked *