২৭ নৱেম্বৰ, গুৱাহাটী:– ২ ডিচেম্বৰত সাদিন-প্ৰতিদিনগোষ্ঠীৰ স্বতাধিকাৰ জয়ন্ত বৰুৱালৈ চ্যুকাফা সমন্বয় সাংস্কৃতিক বঁটা প্ৰদান কৰা হ’ব।চৰাইদেউ সোণাৰিত হবলগীয়া চ্যুকাফা দিৱসত প্ৰদান কৰা হব এই বঁটা। জানিব পৰা মতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগতে অনুষ্ঠিত হব কেন্দ্ৰীয় চ্যুকাফা দিৱস।প্ৰতিবছৰে সংগঠনটোৱে কেন্দ্ৰীয় ভাৱে আয়োজিত কৰি অহা চ্যুকাফা দিৱসতে এই বঁটা প্ৰদান কৰি আহিছে। বৰ্তমান এই বৰ্ষৰ বাবে সাদিন-প্ৰতিদিনগোষ্ঠীৰ স্বতাধিকাৰ জয়ন্ত বৰুৱালৈ এই বঁটা প্ৰদান কৰিব বুলি ঘোষণা কৰা হৈছে। জয়ন্ত বৰুৱালৈ চ্যুকাফা দিৱসৰ লগত সংগতি ৰাখিয়েই প্ৰদান কৰা হব এই বঁটা।