বৰ্তমানেও চৰ্চা তথা চৰ্চাৰ কেন্দ্ৰবিন্দু যোৰহাটৰ টীয়কৰ এজাৰগুৰিৰ জীয়ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই । বিদ্ৰোহী মনেৰে উদ্বুদ্ধ বিপ্লৱীমূলক এটা কবিতাৰ বাবেই প্ৰায় দুমাহ ধৰি কাৰাগাৰত আৱদ্ধ দ্বিতীয় ষাণ্মাষিকৰ অধ্যয়ণৰত ছাত্ৰী বৰ্ষাশ্ৰী বুঢাগোহাঁই ।ইতিমধ্যে বৰ্ষাশ্ৰীক মুকলি কৰি দিয়াৰ দাবীত জাগ্ৰত হৈ পৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ সচেতন মহল ।যাৰ বাবে বিভিন্নজনে সামাজিক মাধ্যমত ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া ।
এনেদৰে প্ৰায় দুমাহ ধৰি বন্দীশালত জীৱন কটোৱা বৰ্ষাশ্ৰীৰ ভৱিষ্যতে যাতে শৈক্ষিক আৰু আন প্ৰতিটো দিশত নেতিবাচক প্ৰভাৱ নপৰে তাৰ বাবে দাবী উথাপন কৰিছে একাংশ দল-সংগঠনৰ লগতে সমাজৰ সচেতন মহলে ।তেনে সময়তে বৃহস্পতিবাৰে বৰ্ষাশ্ৰীৰ স্বৃগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু বীৰ লাচিত সেনাৰ কেইবাগৰাকীও শীৰ্ষস্থানীয় নেতাই ।তদুপৰি বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা অসম আৰক্ষীৰ এনে পদক্ষেপক তীব্ৰ সমালোচনা কৰি বৰ্ষাশ্ৰীক মোকলাই দিবলৈও আহ্বান জনায় দুয়োটা সংগঠনে । লগতে বৰ্ষাশ্ৰীৰ ভৱিষ্যতে শৈক্ষিক দিশৰ লগতে অন্য প্ৰতিটো দিশতে সহায়ৰ হাত আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে এই দুয়োটা সংগঠনে ।