সংকটত মালদ্বীপ

Share

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ কৰা অপমানসূচক মন্তব্যৰ পাছত বিপদত পৰিছে মালদ্বীপ চৰকাৰ । যাৰ ফলত ভাৰত আৰু মালদ্বীপৰ মাজত সৃষ্টি হৈছে বিবাদ । এই বিবাদৰ ফলত মালদ্বীপৰ অৰ্থনীতিত  যথেষ্ট প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ কৰা বিৰুপ মন্তব্যৰ পাছত ভাৰতীয়সকলে মালদ্বীপ ভ্ৰমণ বাতিল কৰিছে আৰু ভাৰতীয় পৰ্যতনসকলৰ এনে সিদ্ধান্তৰ ফলত লাহে লাহে গভিৰ অৰ্থসংকটত পৰিবলৈ ধৰিছে মালদ্বীপ চৰকাৰ । মালদ্বীপৰ এটা মূখ্য পৰ্যতন সংস্থাই ভাৰতৰ ভ্ৰমণ এগ্ৰিগেটৰ ইজি মাইট্ৰিপক বিমান বুকিং পুনৰ খুলিবলৈ আহ্বান জনাইছে । ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মালদ্বীপ এছ’চিয়েশ্যন অৱ ট্যুৰ এণ্ড  ট্ৰেভেল  অপাৰেটৰে মঙলবাৰে ইজি মাইট্ৰিপক ‘দুখজনক’ মন্তব্যৰ প্ৰতি গুৰুত্ব নিদিবলৈ আহ্বান জনায় । ইয়াৰ লগতে কয় যে ‘পৰ্যটন হৈছে মালদ্বীপৰ প্ৰাণ,যি আমাৰ জি.ডি.পি ৰ দুই – তৃতীয়াংশতকৈও অধিক অৰিহনা যোগাই । মালদ্বীপৰ পৰ্যটন মন্ত্ৰালয়ৰ তথ্যমতে  যোৱা বছৰ ২ লাখতকৈও অধিক ভাৰতীয় পৰ্যতক মালদ্বীপলৈ আহিছিল আৰু যোৱা দুবছৰত ৪.৫ লাখতকৈও অধিক ভাৰতীয় মালদ্বীপ ভ্ৰমণ কৰিছিল ।

  উল্লেখযোগ্য যে , ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লাক্ষ্যদ্বীপ ভ্ৰমণৰ ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰাৰ পাছত কিছু আপত্তিজনক  মন্তব্য কৰিছিল মালদ্বীপ চৰকাৰৰ তিনি নেতাই । ইয়াৰ পিছতেই লগে লগেই  মালদ্বীপ চৰকাৰে বৰ্খাস্ত কৰে তিনিওগৰাকী নেতাক । এই সকলোবোৰ ঘটনাৰ পাছতেই ছ’চিয়েল মিডিয়াত যোগেদি আৰম্ভ হৈছিল মালদ্বীপ বয়কট ট্ৰেণ্ড । যাৰ ফলত এটিয়া গভিৰ অৰ্থসংকটত পৰিছে মালদ্বীপ ।

Leave a Reply

Your email address will not be published. Required fields are marked *