আজি অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক। যিহেতু লোকসভা নিৰ্বাচন সমাগত । এই লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সন্দৰ্ভত আজি পুনৰ অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ এক গুৰুত্বপূৰ্ণ বৈঠক। আজি দিনৰ ১১ বজাত বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে এই বৈঠক খন ।আৰু এই বৈঠকত দলটোৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু কেইজন বিষয়ববীয়া উপস্থিত আছিল।আনহাতে এই বৈঠকত অংশগ্ৰহণ কৰিব দলটোৱে ঘোষণা কৰা প্ৰতিগৰাকী বিজেপিৰ প্ৰাৰ্থী। সেই অনুসৰি সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দত্ত, পৰিমল শুক্লবৈদ্য, বিজুলী কলিতা মেধি, দিলীপ শইকীয়া, তপন গগৈ, প্ৰদান বৰুৱাকে ধৰি ১১ টা লোকসভা সমষ্টিৰ প্ৰাৰ্থী উপস্থিত আছিলেএই বিজেপিৰ বৈঠক খনতইফালে বিজেপিৰ প্ৰতিগৰাকী বিধায়কো এই বৈঠকত উপস্থিত আছিলে লগতে এই বৈঠকখনতে আগন্তুক নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপিৰ ৰণনীতি প্ৰস্তুত কৰি তুলিব। সমগ্ৰ দেশত এইবাৰ বিজেপিয়ে ৩৭০ খনৰো অধিক আসন লাভৰ বাবে লক্ষ্যস্থিৰ কৰিছে যদিও বিজেপিয়ে ”অবকি বাৰ চাৰশ পাৰ” শ্লোগান আৰম্ভ কৰিছে।