কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঠিকাভিত্তিক শিক্ষকৰ বাবে সুখবৰ

Share

সোমবাৰে অনুষ্ঠিত হোৱা কেবিনেটত শিক্ষা বিভাগৰ ক্ষেত্ৰত লোৱা হৈছে দুটাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গুণোৎসৱত একেধাৰে দুবাৰকৈ A+ পোৱা বিদ্য়ালয়সমূহৰ ঠিকাভিত্তিক  শিক্ষকসকলৰ চাকৰি কৰা হ’ব নিয়মীয়া। আনহাতে, জৱহাৰলাল নেহেৰু বিশ্ববিদ্য়ালয়ত শ্ৰীমন্ত শংকৰদেৱৰ আসন কৰাৰ ক্ষেত্ৰত লোৱা হৈছে সিদ্ধান্ত।ইয়াৰ উপৰিও কেবিনেটত স্কীল ডেভলেপমেন্ট ক্ষেত্ৰতো লোৱা হৈছে দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰ পৰা সকলো কাৰিকৰী শিক্ষা এটা প্লেটফৰ্মৰ অধীনত হ’ব। য’ত পাঠ্যক্ৰম একে থাকিব লগতে পিপিপি মোডৰ সৈতে ব্যক্তিগত আৰু চৰকাৰী ITI  নতুনকৈ বৃদ্ধি কৰা হ”ব। 

 লগতে কেবিনেটে অসম আৰক্ষীৰ নন গেজেটেত বাবে সুখবৰ আনিছে। যিসকল বিষয়াই গুলিবিদ্ধ বা বোমা বিস্ফোৰণত আঘাতপ্ৰাপ্ত হৈছিল তেওঁলোকে এতিয়াৰ পৰা পোনে পোনে প্ৰি প্ৰমোচন কেডাৰ প্ৰশিক্ষণৰ বাবে যাব পাৰিব। ইয়াৰ লগতে ৰাজ্যৰ প্ৰায় ১৪ হাজাৰ মাষ্টাৰৰোল, কেজুৱেলছ কৰ্মচাৰীলৈ ৩ শতাংশ  বছৰেকীয়া বানচ বৃদ্ধিৰ অনুমোদন জনালে কেবিনেটে।

Leave a Reply

Your email address will not be published. Required fields are marked *