ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বিজেপিৰ কাৰ্যালয়ত ৭ বজাৰ পিছত NO ENTRY! ইন্দ্ৰাণী কাণ্ডৰ পিছতেই তৎপৰ বিজেপি

Share

ইন্দ্ৰাণী কাণ্ডত এজনৰ পিছত আন এজনৰ নাম সাঙোৰ খোৱাত ভাৰসাম্যতা হেৰুৱাইছে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ !
উপায়হীন হৈ ৰাজ্যিক বিজেপি কমিটিয়ে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চাকৰিৰ ক’লা বজাৰ আৰু ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ পিছতেই ভূমি-কম্পই জোকাৰিছে ৰাজ্যিক বিজেপিৰ ভিতৰচ’ৰাত ৷ এতিয়াৰে পৰা ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ ৭ বজাৰ পিছত যাব নোৱাৰিব কোনো মহিলা কৰ্মচাৰী ৷ আৰু এই সিদ্ধান্তটো গ্ৰহণ কৰে প্ৰথমে অনানুষ্ঠানিক ভাবে ৷ ইন্দ্ৰাণীৰ আত্মহত্যাৰ পিছতেই এতিয়া মহিলা কৰ্মচাৰীক সুৰক্ষা প্ৰধানৰ বাবেই ৭ বজাৰ পিছত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত প্ৰৱেশ নিষেধ ৷ ৰাজ্যিক বিজেপিৰ এই ভিতৰুৱা খবৰ এক সূত্ৰযোগে সংবাদ মাধ্যমত প্ৰকাশ হয়। ৰাজ্যিক বিজেপিৰ ভিতৰ মহলত তাৰ পিছতে পুনৰ হাহাকাৰ লাগে । লগে লগে পুনৰ সিদ্ধান্ত সলনি কৰে ৰাজ্যিক বিজেপিয়ে । এতিয়াৰ পৰা পুৰুষ–মহিলা উভয়ে ৭ বজাৰ পিছত বিজেপি মুখ্য কাৰ্যালয়লৈ যাব নোৱাৰিব বুলি সিদ্ধান্ত লোৱা হয় । দলীয় কামত সংশ্লিষ্ট কৰ্তৃপক্ষক জনাই সকলো যাব পাৰিব ৷ ৰাজ্যিক বিজেপিৰ এক সূত্ৰত এই কথা প্ৰকাশ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *