ইম্ফলত চিকিৎসাধীন অসমৰ ৩ গৰাকী ব্যক্তিৰ স্বাস্থ্য়ৰ অৱস্থাৰ বুজ মন্ত্ৰী পিযুষ হাজৰিকাৰ

Share

মন্ত্ৰী পিযুষ হাজৰিকাই দেওঁবাৰে ইম্ফলৰ ৰিজনেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সেজ উপস্থিত হয়। তাত উপস্থিত হৈ মণিপুৰৰ তুপুলত সংঘটিত ভূমিস্খলনথলীৰ পৰা উদ্ধাৰ হোৱা অসমৰ পাচঁগৰাকী ব্যক্তিৰ ভিতৰত বৰ্তমান তাত চিকিৎসাধীন   অৱস্থাত থকা ৩ গৰাকী ব্যক্তিৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয়। 

উল্লেখ্য যে,  পাচঁগৰাকীৰ অৱস্থা সুস্থিৰ হৈ  উঠাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে সোমবাৰে দিনৰ ১১.১৫ বজাত এখন এছিয়াৰ বিমানযোগে তেওঁলোকক অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে। এতিয়ালৈকে ৪১ গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *