ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৯.৫ শতাংশ : আই এম এফ

Share

সুপ্ৰিয়া টৰফদাৰ

বিত্তীয় বৰ্ষ ২০২১-২২ত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৯.৫ শতাংশ হ’ব। মঙ্গলবাৰে আন্তৰ্জাতিক মুদ্ৰানিধি (আই এম এফ) য়ে এপ্ৰিল মাহৰ সমীক্ষাক সংশোধন ঘটাই চলিত বিত্তীয় বৰ্ষত ভাৰত অৰ্থনৈতিক বিকাশ ১২.৫ শতাংশৰ পৰা ৯.৫ শতাংশ হ্ৰাস পাব বুলি প্ৰকাশ কৰিছে। উল্লেখ্য যে আই এম এফে চলিত বৰ্ষৰ এপ্ৰিল মাহত দেশ খনৰ অৰ্থনৈতিক বিকাশ ১২.৫ শতাংশৰ সম্ভাৱনা ব্যক্ত কৰিছিল।দেশখনত সম্প্ৰতি ভেকচিনৰ নাটনি আৰু ক’ৰোনা ভাইৰাছৰ নতুন জোৱাৰৰ সম্ভাৱনাকলৈ সংশোধিত অৰ্থনৈতিক বিকাশৰ হাৰ প্ৰকাশ কৰিছে।

আই এম এফৰ নতুন সংশোধিত প্ৰতিবেদন মৰ্মে চলিত বিত্তীয় বৰ্ষত দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৯.৫ শতাংশত সীমাবদ্ধ হ’ব। আই এম এফৰ মতে মাৰ্চ -মে মাহত ভয়াবহ ক’ভিড বিত্তীয় জোৱাৰৰ বাবে দেশখনৰ অৰ্থনৈতিক বিকাশ পুনৰদ্ধাৰৰ প্রক্রিয়া লেহেম হৈ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *