“মই ভাল হ’ম , মোক বেমাৰে হৰুৱাব নোৱাৰে ” ! শেষত যেন মৃত্যুৰ ওচৰতে হাৰ মানিলে জনপ্ৰিয় অভিনেতা কিশোৰ দাসে । কেতিয়াও ঘূৰি নহা অজান দেশলৈ গুছি গ’ল কিশোৰ দাস

Share

অসমীয়া অভিনয় জগতৰ এখন অতি চৰ্চিত আৰু চিনাকী মুখ । এগৰাকী সুঠাম ডেকা । যাৰ অভিনয় শৈলীৰ লগতে ব্যক্তিত্বই গুণমুগ্ধ কৰি তুলিছিল অনুৰাগীসকলক । খুৱ কম সময়তে যেন নিজৰ পাৰদৰ্শিতাৰে মন জয় কৰিবলৈ  সক্ষম হোৱা  জনপ্ৰিয় অভিনেতাগৰাকী আন কোনো নহয় , সেইগৰাকী হৈছে আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস। অতি দুখৰ বিষয় যে দীৰ্ঘ সময়জোৰা ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ  আছিল এইগৰাকী জনপ্ৰিয় অভিনেতা । কিছুদিন পূৰ্বেই কিশোৰক উন্নত চিকিত্সাৰ বাবে চেন্নাইলৈ লৈ যোৱা হৈছিল । কিশোৰৰ আশু আৰোগ্যৰ বাবে পাৰ্যমানে চেষ্টা কৰিছিল অনুৰাগীসকলৰ লগতে শিল্পীসকলে ।

কিন্তু অৱশেষত নিয়তিৰ নিয়ম পৰিক্ৰমাত হাৰ মানি ২৮ বছৰ বয়সতে  শণিবাৰে চেন্নাইত  শেষ নিশ্বাস ত্যাগ কৰে তৰুণ অভিনেতাজনে । চেন্নাইত চিকিত্সাধীন অৱস্থাতে  দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ ছুপাৰহিট ছৱি ‘পুষ্পা’ ৰ জনপ্ৰিয় সংলাপ তথা ভংগিমা  ‘ঝুকেগা নেহি ‘ বুলিও  দৃঢ়তা প্ৰকাশ কৰিছিল  অভিনেতাজনে । অতি কম সময়তে অসমৰ ৰাইজৰ আপোন হৈ পৰা অভিনেতাজনৰ এনে অকাল মৃত্যুত  অসমৰ সাংস্কৃতিক জগতখনত শোকৰ ছাঁয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে  । উল্লেখ্য যে ২০১৪ চনতে অভিনয় জগতত খোজ পেলাইছিল কিশোৰ দাসে । কেইবাটাও জনপ্ৰিয় গানত চিনাকী মুখ হৈ  পৰিছিল কিশোৰ দাস । ‘চেলফী লে লে ৰে  পৰা আৰম্ভ কৰি .. যদি মই তোকে কওঁ , লিপিকা , তুৰুত তুৰুত , মই তোৰ হ’ব খুজিম , লচপচী আদি জনপ্ৰিয় গীতত অভিনয় কৰাৰ লগতে কিশোৰে কেইবাখনো ধাৰাবাহিকত অভিনয় কৰাৰ লগতে অসমীয়া ছৱিতো অভিনয় কৰিছিল । ৰাইজেও অতি কম সময়য়তে আদৰি লৈছিল কিশোৰক ।  কিশোৰৰ অন্তিমখন ছৱি মুক্তি পাইছিল যোৱা ২৪ জুনত । ‘ দাদা তুমি দুষ্ট বৰ ‘ ছৱিখনেই  আছিল কিশোৰৰ অন্তিখন ছৱি । এনে এগৰাকী অভিনেতাৰ  অকাল মৃত্যু যেন অসমৰ সাংস্কৃতিক জগতখনৰ বাবে এক বৃহত ক্ষতি ।

Leave a Reply

Your email address will not be published. Required fields are marked *