নিউজ ডেস্ক, ৮ ছেপ্তেম্বৰঃ থিয়েটাৰ ভাগ্যদেৱী উদ্ধোধন কৰি সীমান্ত শেখৰে কয় যে কলা সংস্কৃতি আৰু চিনেমা উদ্যোগ হিচাপে আগবাঢ়ি যাব লাগিব । নলবাৰীৰ মৰোৱা উৎসৱত আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল থিয়েটাৰ ভাগ্যদেৱীৰ এই বৰ্ষৰ নাট্যৰম্ভ কৰা হয়। অসম চৰকাৰৰ চলচিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে থিয়েটাৰ ভাগ্যদেৱীৰ নাট উদ্ধোধন কৰে।
লক্ষণীয় যে, টিকটৰ মূল্য বৃদ্ধিৰ ওপৰতো মন্তব্য কৰাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰত ছিণ্ডিকেট শুনিবলৈ পোৱা নাই বুলি কয় অসম চৰকাৰৰ চলচিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে। লগতে কয় যে, যদিহে ভ্ৰাম্যমাণ থিয়েটাৰত ছিণ্ডিকেট চলি আছে তেন্তে ই কলা সংস্কৃতিৰ বাবে অভিশাপ। তেখেতে কয় যে, কোনোৱে চাকৰিৰ নামত বা কলা সংস্কৃতিৰ নামত যদি ছিণ্ডিকেট কৰে তেন্তে এক ছেকেণ্ডত জেললৈ যাব লাগিব ব্যক্তিজনে বুলি মন্তব্য প্ৰকাশ কৰে বিত্ত নিগমৰ অধ্যক্ষগৰাকীয়ে।