দেশৰ লগতে সমগ্ৰ ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিয়ে সাধাৰণ মানুহৰ জীৱন-ধাৰণত যথেষ্ট প্ৰভাৱ পেলাইছিল আৰু এনে পৰিস্থিতিত, ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য আকাশচুম্বী হৈ গৈ আছে, যাৰ বাবে সাধাৰণ জনতা জুৰুলা হোৱা পৰিলক্ষিত হৈছিল কিন্তু এতিয়াৰে পৰা আপুনি এল পি জি চিলিণ্ডাৰৰ ক্ষেত্রত পাব সকাহ, দৰাচলতে, ঘৰুৱা গেছ চিলিণ্ডাৰত পুনৰ ৰাজসাহায্য কাৰ্যকৰী কৰা হ’ব, কিয়নো যিটো সময়ত গেছৰ মূল্য ৯০০ টকা অতিক্রম কৰিছিল এতিয়াৰে পৰা ইয়াৰ মূল্য মাত্ৰ ৫৮৭ টকা হ’ব। কৰোনা ভাইৰাছৰ সময়ত, চৰকাৰে গেছৰ ওপৰত যি ৰাজসাহায্য প্রদান কৰিছিল সেই ৰাজসাহায্য আঁতৰাই দিছিল।
এতিয়া ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যেই পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্রীয় চৰকাৰে আৰু এক বিশেষ সূত্র অনুসৰি গেছৰ ওপৰত প্রদান কৰা ৰাজসাহায্য অহা মাহৰ পৰাই লাভ কৰিব আপোনাৰ একাউণ্টত। পুনৰ এই ব্যৱস্থা আৰম্ভ হোৱাৰ লগে লগে, দেশৰ লাখ লাখ লোকে যথেষ্ট সকাহ পাব।এই ৰআজসাহায্যৰ পৰিমাণ হ’ব ৩০৩ টকা।