আজি কাজিৰঙাত বন্তি প্ৰজ্বলনেৰে গজ মহোৎসৱৰ শুভাৰম্ভ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ।ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ,ৰাজ্যৰ নৱনিযুক্ত ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়া , কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ ,কৃষি মন্ত্ৰী অতুল বৰা আৰু বৃত্ত মন্ত্ৰী অজন্তা নেওগ ।এই অনুষ্ঠানত আদৰণি ভাষণ দিয়ে পৰিৱহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।
আপোনালোক সকলোকে নমস্কাৰ বুলি অসমীয়াতে ভাষণ আৰম্ভ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে । তেওঁ ভাষণত “হাতী মানুহৰ সংঘাত,হাতীৰ সংৰক্ষণ এই সকলোবোৰ গজ মহোৎসৱৰ লক্ষ্য ।হাতীক বান্ধি মানুহে নিজৰ বুদ্ধিমত্তাত গৌৰৱ কৰিব নালাগে। হাতী শান্তিপ্ৰিয় বাবেহে মানুহৰ পোহ মানে। পৱিত্ৰ স্থানলৈ যাঁওতে মানুহে জোতা-চেণ্ডেল খুলি যায়। আজি জীপ চাফাৰীলৈ যাওতেও দেখিলো বন বিভাগৰ লোকসকল খালী ভৰিৰে গৈছে ” এই বুলি ব্যক্ত কৰে ।”যোৱাকালি বিহু নৃত্য দেখি আনন্দিত হ’লো। অসমৰ বিহু নৃত্য সকলোতকৈ পৃথক। মই সকলোকে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালো ” বুলিও প্ৰকাশ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ।শেষত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আপোনালোকৰ মৰমত মই অভিভূত হৈছো, মই আপোনালোকৰ এই মৰম সদায় মনত ৰাখিম বুলি অসমবাসীক ধন্যবাদ জনায় ।