মই ৰাষ্ট্ৰপতি হ’লে ‘কা’ অনুমোদন নজনাওঁ! গুৱাহাটী উপস্থিত হৈ বিৰোধীৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহা
গুৱাহাটী, ১৪ জুলাইঃ গুৱাহাটীত উপস্থিত বিৰোধীৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহা। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হৈছে বিৰোধীৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকী। বিৰোধী উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহা ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’লে বাতিল হ’ব ‘কা’। যশৱন্ত সিনহা নিজ মুখে ঘোষণা কৰিছে তেওঁ ৰাষ্ট্ৰপতি হ’লে ‘কা’ অনুমোদন নজনাওঁ। তেওঁ কয় যে, “ মই ৰাষ্ট্ৰপতি ভৱনত সোমালে বা বাহিৰত থাকিলেও ‘কা’ৰ বিৰোধীতা কৰি যাম “। এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন অসাধাৰণ নিৰ্বাচন। গুৱাহাটীত উপস্থিত হোৱা ৰাষ্ট্ৰপতি পদৰ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীজনে কংগ্ৰেছৰ, বিধায়কসকল তথা অন্য বিৰোধী প্ৰতিনিধিক সম্বোধন দিয়া ভাষণত কয় যে যি সংবিধানে শক্তিশালী গণতন্ত্ৰ, যি সংবিধানক লৈ দেশবাসীয়ে গৌৰৱ কৰে, সেই সংবিধান আজি শাসনত বহা লোকৰ পৰা ভাবুকিৰ সন্মুখীন হৈছে। তেওঁ কয় যে, এন ডিএ প্ৰক্ষেপিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’লে দেশে এগৰাকী পুতলা ৰাষ্ট্ৰপতিহে পাব। আজি দেশৰ সবাতোকৈ বৃহৎ প্ৰত্যাহ্বান হ’ল সংবিধান ৰক্ষা কৰাটো। সেয়া কৰিব লাগিব ৰাষ্ট্ৰপতিয়ে। যদি ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী হাতৰ পুতলা হয় তেন্তে সংবিধান ৰক্ষা কেনেকৈ হ’ব।‘- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিৰোধী সাংসদ-বিধায়কক উদ্দেশ্য দিয়া ভাষণত যশৱন্ত সিনহাই এইদৰে কয়।