ময়ো ভাৰতীয় সেনা বাহিনীত যোগদান কৰিব বিচাৰিছিলোঁ কিন্তু কিবা কাৰণত যোগদান কৰিব নোৱাৰিলোঁঃৰাজনাথ সিঙ

Share
ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূৰ্বাঞ্চললৈ অহা প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপি নেতা ৰাজনাথ সিঙে শুকুৰবাৰে ইম্ফলৰ মন্ত্ৰীপুখাৰী আৰ্মী কেম্পত আছাম ৰাইফলছ আৰু ৫৭ মাউন্টেন ডিভিজনৰ জোৱানসকলৰ সৈতে মিলিত হৈ মত বিনিময় কৰে কৰে।  ৰাজনাথ সিঙে জোৱান সকলৰ দেশ সুৰক্ষা আৰু সেৱাৰ প্ৰশংসা কৰি কয় যে সেনাৰ ত্যাগৰ বাবেহে ভাৰতীয় সীমা আৰু ভাৰতীয় সকল সুৰক্ষিত আছে।
লগতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়া মই সেনা জোৱান আৰু বিষয়াসকলক লগ পাওঁ তেতিয়া মই গৌৰৱ অনুভৱ কৰো, লগতে সেনাবাহিনীত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে মইয়ো এদিন সেনা বাহিনীত যোগদান কৰিব বিচাৰিছিলো, কিন্তু কিবা কাৰণত যোগদান কৰিব নোৱাৰিলো বুলি উল্লেখ কৰে ৰাজনাথ সিঙে।  উল্লেখ্য যে চলিত বৰ্ষৰ জুলাই মাহত মণিপুৰৰ টুপুলত ৰে’ল প্ৰকল্পত সংঘটিত হোৱা ভয়ংকৰ ভূমিস্খলন প্ৰান হেৰুওৱা সামৰিকবাহিনীৰ জোৱানসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনায় দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

Leave a Reply

Your email address will not be published. Required fields are marked *