২০২৩ চনৰ ভিতৰত ভাৰতত চলিব হাইড্ৰ’জেন চালিত ৰে’লঃঅশ্বিনী বৈষ্ণৱ

Share

গুৱাহাটী,১৬ ছেপ্টেম্বৰ,নিউজ ডেস্কঃ ২০২৩ চনৰ ভিতৰত ভাৰতত চলিব হাইড্ৰ’জেন চালিত ৰে’ল। ভুৱনেশ্বৰস্হিত এছঅ’এ বিশ্ববিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত এই ঘোষণা কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ। মন্ত্ৰীগৰাকীয়ে কয় যে,  ” ভাৰতীয় ৰে’লৱেয়ে  নিজৰ গতিবেগ বৃদ্ধিৰ দিশত অহৰহ কাম কৰি আছে। বন্দে ভাৰত এক্সপ্ৰেছ ভাৰতৰ অন্যতম অৰ্থ-হাই স্পীড আৰু দ্ৰুততম গতিবেগৰ ৰে’ল। এতিয়া ইয়াক ভাৰতত নিজেই নিৰ্মাণ কৰা হৈছে। যোৱা দুবছৰৰ পৰা বন্দে ভাৰত ৰে’লখন কোনো ডাঙৰ বিজুতি নোহোৱাকৈ সুচাৰুৰূপে চলি আছে। শেহতীয়াকৈ বন্দে ভাৰতে ৰে’লৱে সুৰক্ষা আয়ুক্তৰ পৰাও সেউজ সংকেট পাইছে। বন্দে ভাৰত ৰে’লৰ সৰ্বোচ্চ গতিবেগ ঘণ্টাত ১৮০ কিলোমিটাৰ। মাত্ৰ ৫২ ছেকেণ্ডতে ই প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰলৈ গতি কৰে। বুলেট ট্ৰেইনৰ বাবে ৫৫ ছেকেণ্ড সময় লাগে। “

Leave a Reply

Your email address will not be published. Required fields are marked *