পুনৰ ভয়ংকৰ ঘটনা যৌতুক নিদিয়াৰ বাবে স্বামীয়ে হত্যা কৰিলে পত্নীক

Share

৭ জুলাইঃ যৌতুক নিদিয়াৰ বাবে তিনিচুকীয়া জিলাৰ অন্তৰ্গত কাকপথাৰত এগৰাকী মধ্যবয়সীয়া মহিলাক তেওঁৰ নিজৰ স্বামীয়ে  হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অঞ্জনা মৰাণ গোহাঁই (৪৫) নামৰ ভুক্তভোগী মহিলাগৰাকীক তেওঁৰ স্বামীয়ে ধানৰ পথাৰত কাম কৰি থকা অৱস্থাত প্ৰহাৰ কৰি হত্যা কৰে। পিছত, গাওঁবাসীয়ে মহিলাগৰাকীক অচেতন অৱস্থাত দেখি ঘৰলৈ লৈ আহে।

ইপিনে, মহিলাগৰাকীৰ দেউতাকে অভিযোগ কৰিছে যে যৌতুক নিদিয়াৰ বাবে তেওঁক প্ৰহাৰ কৰি হত্যা কৰা হৈছিল।বৰ্তমান, অভিযুক্ত স্বামী শৈলেন গোহাঁই আৰু তেওঁৰ পুত্ৰ বিদ্যুত গোহাঁইক আৰক্ষীয়ে সোধা-পোছাৰ বাবে আটক কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *