মানৱতাই সজালে হিৰ’

Share

জিৰ’ৰ পৰা হিৰ’ হোৱা এগৰাকী বাছ চালক আৰু এজন কণ্ডাক্টৰ। বৰ্তমান সামাজিক মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে হাৰিয়ানা এখন ৰোডৱেজ বাছৰ চালক সুশীল কুমাৰৰ লগতে বাছখনৰ কণ্ডাক্টৰ পৰমজিতে। জানিব পৰা মতে ৩০ ডিচেম্বৰৰ পুৱতি নিশা  দিল্লীৰ পৰা নিজ বাসগৃহ অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হোৱা ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্তৰ জীৱন বচাই এতিয়া সামাজিক মাধ্যমত জনপ্ৰিয় হৈ পৰিছে লোক দুজন। হৰিদ্বাৰ আৰক্ষীৰ এছ এছ পি অজয় সিঙে সাংবাদিকৰ আগত জানিবলৈ দিয়া অনুসৰি খ্ৰীষ্টিয় নৱবৰ্ষ উপলক্ষত নিজ মাতৃক লগ কৰিবলৈ নিজেই গাড়ী চলাই গৈ থকা অৱস্থাতে টোপনি অহাত হৰিদ্বাৰ জিলাৰ মাংগালোৰত পথৰ কাষৰ ডিভাইডাৰত খুন্দিয়াই দুৰ্ঘটনাত পতিত হয় ক্ৰিকেটাৰজন। পুৱা ৫:৩০ বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পিছতে দাও-দাওকৈ জ্বলি উঠিছিল ক্ৰিকেটাৰজন গৈ থকা গাড়ীখন। সৌভাগ্যবশত সেই সময়তে ঘটনাস্থলীত উপস্থিত হৈছিল হৰিদ্বাৰ ৰোডৱেজ বাছৰ চালক সুশীল কুমাৰ আৰু কণ্ডাক্টৰ পৰমজিত। সেই সময়তে মানৱতা প্ৰদৰ্শন কৰি দুয়োজনে দুৰ্ঘটনাগ্ৰস্ত হৈ জ্বলি থকা গাড়ীখনৰ খিৰিকী ভাঙি পন্তক বাহিৰলৈ উলিয়াই আনে। পৰৱৰ্তী সময়ত কাপোৰেৰে ঢাকি পন্তৰ গাত লাগি থকা জুই নিৰ্বাপিত কৰাৰ লগতে চিকিৎসালয়লৈ লৈ যায়। প্ৰথমে ক্ৰিকেটাৰজনক ৰুৰকীৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে ডেৰাডুনৰ মেক্স চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়।

উল্লেখযোগ্য যে ঋষভ পন্তৰ উদ্ধাৰকাৰীৰ তথ্য পোহৰলৈ অহাৰ পিছতে সামাজিক মাধ্য়মত যথেষ্ট চৰ্চা লাভ কৰিছে লোক দুজনে। বাছ চালক সুশীল কুমাৰ আৰু কণ্ডাক্টৰ পৰমজিতক এই কাৰ্যৰ বাবে ধন্যবাদ জনাই টুইট কৰিছে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ ভি ভি এছ লক্ষ্মণৰ লগতে আন বহুজনে। লোক দুজনৰ এই মহানুভৱতাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে তেওঁলোকক সন্মানিতও কৰিছে। সত্য পোহৰলৈ অহাৰ পিছৰে পৰা বাছ চালক সুশীল কুমাৰ আৰু কণ্ডাক্টৰ পৰমজিতক প্ৰশংসাৰে উপচাই পেলাইছে দেশবাসীয়ে। সামাজিক মাধ্যমৰ হিৰ’ হিচাপে পৰিগণিত হৈছে দুয়োজন।

Leave a Reply

Your email address will not be published. Required fields are marked *