পুনৰ বোকাজান মহকুমা আৰক্ষীৰ বৃহ९ সফলতা।

Share

বোকাজানত হেৰ’ইনসহ আৰক্ষীয়ে আটক কৰে দুই মহিলা ড্ৰাগছ সৰবৰাহকাৰীক। সোমবাৰে লাহৰিজানৰ এখন হোটেলত আৰক্ষীয়ে অভিযান চলাই ৮৪.৩১ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।ইয়াৰোপৰি ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুগৰাকী মহিলাৰ পৰা আৰক্ষীয়ে নগদ ১০লাখ ৩৩হাজাৰ টকাও জব্দ কৰে।
                  জানিব পৰা মতে খটখটি আৰক্ষী থানাৰ অন্তৰ্গত লাহৰিজানত চলিছিল আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।ড্ৰাগছ সৰবৰাহ মূল অভিযুক্ত হোটেলখনৰ স্বত্বাধিকাৰী জনৰ নাম হৈছে বজৰং শ্বাহ।বৰ্তমান তেওঁ পলাতক অৱস্হাত আছে যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *