সাম্প্ৰতি ৰাজহুৱা বাহনেৰে কৰা যাত্ৰা হৈ পৰিছে বিপদজনক। সামান্য ভাড়াৰ বাবে সাধাৰণ জনগণৰ জীৱনক লৈ হেতালি কৰা প্ৰায়েই পৰিলক্ষিত হয় ৰাজহুৱা বাছৰ চালক-হেণ্ডিমেনৰ। ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা।
এইবাৰ এক চিচিটিভিৰ ভিজুৱেলে সামাজিক মাধ্যমত আলোড়নৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। এজন চাইকেল আৰোহীক বাট দিব লওঁতেই পথতে লুটি-বাগৰ খাই পৰে যাত্ৰীবাহী বাছ এখন। দুৰ্ঘটনাটিৰ ফলত বাছখনৰ ওপৰত থকা যাত্ৰীসকল সহি পৰি বাগৰি পৰা বাছখনৰ তলত সুমাই যায়।
পশ্চিম বংগৰ বৰ্ধমানত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। বাছখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় ৪০ জনৰো অধিক লোক। উল্লেখযোগ্য যে, দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নাছিল কোনো ফিটনেছ প্ৰমাণপত্ৰ। তদুপৰি প্ৰয়োজনতকৈ অধিক যাত্ৰী উঠোৱাৰ বাবে চাইকেল আৰোহীজনক বাট দিব যাই ব্ৰেক মাৰোঁতে নিয়ন্ত্ৰণহীন হৈ পৰে বাছখন।