ভয়ংকৰ! হাতত কটা মুণ্ডা লৈ থানাত উপস্থিত হত্যাকাৰী

Share

ডিজিটেল ডেস্কঃ এক শিহৰণকাৰী ঘটনা । হাতত কটা মূৰ লৈ ২৫ কিলোমিটাৰ নিলগৰ থানাত উপস্থিত হয় এগৰাকী হত্যাকাৰী। টুনিৰাম মাদ্ৰী নামৰ লোক এজনে শিৰচ্ছেদ কৰিলে বইলৰ হেমৰম নামৰ এজন ব্যক্তিৰ। শোণিতপুৰৰ ৰঙাপাৰা দয়ালপুৰত সংঘটিত হয় এই শিহৰণকাৰী ঘটনা ।
উল্লেখযোগ্য যে, অভিযুক্ত হত্যাকাৰী টুনিৰাম মাদ্ৰীয়ে বইলৰ হেমৰম হাতত এখন ফুটবল খেলৰ বাজিত পৰাজিত হৈছিল, কিন্তু খেলৰ চুক্তি অনুসৰি তেওঁ ৫০০ টকা পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰিছিল। এই কথা আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে ।
লক্ষণীয় যে, বৰ্তমানলৈ হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই । ঘটনাৰ সন্দৰ্ভত সমগ্ৰ অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *