নাগালেণ্ডৰ হৰ্ণবিল মহোৎসৱৰ সফল সামৰণি পৰে

Share
গুৱাহাটী,১২ ডিচেম্বৰঃ উত্তৰপূৰ্বাঞ্চলত অনুষ্ঠিত হোৱা সাংস্কৃতিক উৎসৱ সমূহৰ ভিতৰত অন্যতম নাগালেণ্ডৰ হৰ্ণবিল মহোৎসৱৰ সফল পৰিসমাপ্তি ঘটিল।হৰ্ণবিল  মহোৎসৱত নগা সম্প্ৰদায়ে নিজৰ পৰম্পাৰাগত নৃত্য আৰু লোক গীতৰ লগতে জনজাতীয় সাজ-পোছাকৰ জৰিয়তে নিজৰ সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰদৰ্শন কৰাৰ বাবে আয়োজন কৰে হৰ্ণবিল  মহোৎসৱৰ।
শেহতীয়াকৈ নাগালেণ্ডত অনুষ্ঠিত কৰা হয় ২৪ সংখ্যক হৰ্ণবিল মহোৎসৱ।১০ দিনীয়াকৈ অনুষ্ঠিত কৰা হৰ্ণবিল মহোৎসৱত নগা সম্প্ৰদায়ে নিজৰ সাংস্কৃতিক পৰিক্ৰমাৰ লগতে  নিজস্ব কলা-সংকৃতিৰে পৰ্যটকক মুগ্ধ কৰিছিল। ” সাংস্কৃতিক সংযোগ ” শীৰ্ষ বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰি নাগালেণ্ডৰ কলা আৰু সংস্কৃতি বিভাগে আয়োজন কৰা হৰ্ণবিল উৎসৱত পৰম্পৰাগত নৃত্য-গীত, খাদ্য সম্ভাৰ, অলংকাৰ প্ৰদৰ্শনেৰে সকলোকে আকৰ্ষিত কৰিছে ।
হৰ্ণবিলত অংশগ্ৰহণ কৰা সাংস্কৃতিক দলসমূহৰ ভিতৰত অন্যতম হৈছে ” শ্বিকুওহ – নুহে চুচং ”, ইংপভুলো হেথেই টজকফিটা খুভুৰিটা।তদুপৰি ৱাংগালা নৃত্যকে ধৰি বহু কেইটা জনজাতীয় নৃত্য প্ৰদৰ্শনৰে হৰ্ণবিল মহোৎসৱ উদ্ভাষিত কৰি তোলে।হৰ্ণবিল মহোৎসৱৰ সামৰণি পৰ্যায়ৰ অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস।

Leave a Reply

Your email address will not be published. Required fields are marked *