কাইলৈ অসম চৰকাৰে ১ লাখ নিযুক্তি লক্ষ্যৰে ৪৫ হাজাৰ নিৰ্বাচিত প্ৰাৰ্থীক চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰিব। নিযুক্তি পত্ৰ প্ৰদান কৰিবৰ বাবে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
গৃহমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ ৰাজ্য চৰকাৰে কিছুমান নিষেধাজ্ঞা জাৰি কৰিছে। গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানৰ পূৰ্বে কামৰূপ মহানগৰত ন’ ড্ৰোণ ফ্লাই জ’ন ঘোষণা কৰা হৈছে। অমিত শ্বাহৰ অসম ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজি আৰু কাইলৈৰ বাবে গুৱাহাটীত কোনো লোকে ড্ৰোণ উৰুৱাব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰা হৈছে।
ইয়াৰোপৰি, গুৱাহাটীত পথ নিৰ্দেশনাও জাৰি কৰা হৈছে,লগতে ২৫ মে’ৰ পুৱা ৭ বজাৰ পৰা নিশা ১১:৩০বজালৈ মহানগৰত যান–বাহন আৰক্ষীয়ে জৰুৰীকালীন সেৱাৰ বাহনৰ বাহিৰে অন্য বাহন চলাচলত নিয়ম ধাৰ্য কৰিছে ।