গৃহ মন্ত্ৰীৰ আগমণ গুৱাহাটী আৰক্ষী উপায়ুক্তৰ নতুন যান-বাহন নিৰ্দেশনা

Share

গুৱাহাটী,৭ অক্টোবৰঃ তিনিদিনৰ বাবে গুৱাহাটী মহানগৰীত যান-জটৰ সমস্যা ক্ষেত্ৰত উপায়ুক্তই জাৰি কৰিছে এক প্ৰেছ বাৰ্তা।আজিৰ পৰা ৯ অক্টোবৰলৈ মহানগৰত কিছুমান বাহনৰ ক্ষেত্ৰত থাকিব এক নিষেধাজ্ঞা। ৭ অক্টোবৰৰ পৰা ৯অক্টোবৰলৈ মহানগৰৰ ২৭ নং ,১৭ নং ৰাষ্টীয় ঘাইপথৰ লগতে A.T Road, M.G Road, D.G Road, K.L Road, G.N Road ইতাদি সমূহত পুৱাৰ পৰা নিশা ১১.৩০ বজালৈ বিভিন্ন সৰু ,ডাঙৰ বস্তু নিয়া বাহনসমূহৰ ক্ষেত্ৰত উপায়ুক্তই এই নিষেধাজ্ঞা জাৰি কৰিছে৷

ইয়াৰ জৰিয়তে মহানগৰ উপায়ুক্তই বিভিন্ন বিদালয়,মহাবিদালয় ,অফিচ,কৰ্মচাৰী,বৃদ্ধ,জনসাধাৰণ , ছাত্ৰ-ছাত্ৰী আদিসমূহৰ চলাচলৰ সুবিধাৰ্থে এই তিনিদিনিয়া প্ৰেছ বাৰ্তা জাৰি কৰে৷এই নিৰ্দেশনা অনুসৰি গৃহমন্ত্ৰী অমৃত শ্বাহৰ অসম ভ্ৰমণক লৈ মহানগৰৰ যান-বাহন আৰক্ষীয়ে এই বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে৷এই কথা বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ যান-বাহন আৰক্ষীৰ উপায়ুক্তই প্ৰেছ বাৰ্তাৰ জৰিয়তে প্ৰকাশ কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *