গৃহমন্ত্ৰী অমিত শ্বাহৰ বৃহৎ ঘোষণা

Share

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ২০ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ বাবে মুম্বাইত ভাৰতীয় জনতা পাৰ্টিৰ ‘সংকল্প পত্ৰ’ মুকুলি কৰে।এই সময়ছোৱাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছ, কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল আৰু ৰাজ্যিক বিজেপিৰ মুৰব্বী চন্দ্ৰশেখৰ বাৱনকুলেও উপস্হিত থাকে।মুম্বাইত আয়োজিত হোৱা এক অনুষ্ঠানত ফাড়নবিছে কয় যে মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰখন উন্নত ভাৰতৰ বাবে উন্নত মহাৰাষ্ট্ৰ গঢ়ি তোলাৰ ৰোডমেপ।বিজেপিৰ এই ইস্তাহাৰত ২৫ টা প্ৰতিশ্ৰুতি দিয়া হৈছে।ইস্তাহাৰ উন্মোচন কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ ,উদ্ধৱ থাকৰে আৰু ৰাহুল গান্ধীক লক্ষ্য কৰি লয়।আনহাতে ৰাহুল গান্ধীয়ে সংবিধান কঢ়িয়াই অনাক লৈও প্ৰশ্ৰু উথাপন কৰে।অমিত শ্বাহে কয় যে ৰাহুল গান্ধীয়ে যিখন সংবিধান কঢ়িয়াই লৈ ফুৰিছে সেয়া খালী।তাৰ ভিতৰত এটা শব্দও লিখা নাই।

বিজেপিৰ সংকল্প পত্ৰৰ বিশেষ প্ৰতিশ্ৰুতি-

– লাডলী বেহনা যোজনাৰ অধীনত মহিলাক প্ৰতিমাহে ২১০০ টকা

– মহাৰাষ্ট্ৰৰ কৃষকৰ ঋণ ৰেহাই

– দুখীয়াক বিনামূলীয়া ৰেচন

– বৃদ্ধ পেঞ্চন ২১০০ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি

– ২৫ লাখ যুৱক-যুৱতীৰ বাবে কৰ্মসংস্হাপন

– কৃষকক বিনামূলীয়া বিদ্যুৎ আৰু এম এছ পি ৰুপায়ন

– মুক্তি পাব ভিজন মহাৰাষ্ট্ৰ@২০২৯

– ৰাজ্যত দক্ষতাৰ লোকপিয়ল কৰা হ’ব।

– উদ্যাগপতিসকলক সুযোগ প্ৰদানৰ বাবে নিৰ্মান কৰা হ’ব ছাত্ৰপতি শিৱাজী মহাৰাজ আকাংক্ষা কেন্দ্ৰ

– খৰাং মুক্ত মহাৰাষ্ট্ৰ

– মহিলা সবলীকৰণ

– মাৰাথাৱাড় জল গ্ৰিট প্ৰকল্প

– কৃষিৰ বাবে সৌৰশক্তি

– নিয়োগৰ সুযোগ

– সুলভ মূল্যৰ আৱাস আৰু বিশুদ্ধ পানী

– আন্ত: গাঁথনিত বিনিয়োগ

– পথ ৰক্ষণাবেক্ষণ আৰু উন্নয়ন

– ডিজিটেল সংযোগ

– প্ৰকল্পৰ ক্ষতিগ্ৰস্ত লোকৰ পুনৰ্বাসন

– সুলভ স্বাস্হ্যসেৱা

– প্ৰাক্তণ সৈনিক আৰু শ্বহীদৰ পৰিয়ালৰ বাবে পুনৰ্বাসন

– জাতীয় নায়কক সন্মান জনোৱা

Leave a Reply

Your email address will not be published. Required fields are marked *