১১মে’ত গুৱাহাটীত ৫০ হাজাৰ যুৱক- যুৱতীক নিযুক্তি -পত্ৰ দিব গৃহ মন্ত্ৰী অমিত শ্বাহে

Share

দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ১১মে’ত গুৱাহাটীত ৫০ হাজাৰ নিবনুৱা যুৱক-যুৱতীক নিযুক্তিপত্ৰ  প্ৰদান কৰিব। ১১ এপ্ৰিলত   ডিব্ৰুগড়ৰ মানকটা চাহ বাগিচাৰ পথাৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত বিজেপিৰ এখন বিশাল কাৰ্যকৰ্তা সন্মিলনত ৰাজ্যৰ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে । ৰঙালী বিহুৰ আগে আগে মুখ্যমন্ত্ৰী গৰাকীয়ে এই শুভ বাৰ্তাটো  ৰাজহুৱাভাৱে ডিব্ৰুগড়ৰ  জনসভাত উল্লেখ কৰে   ।

ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে , আমাৰ চৰকাৰে এইবাৰ বজেটত তিনিটা নতুন ঘোষণা কৰিছে । ইয়াৰে এটা হল আত্মসহায়ক গোটৰ  মহিলাসকলক তেওঁলোকৰ নিজা বেংক একাউন্টতত ১০ হাজাৰকৈ টকা দিয়াৰ কথা  ঘোষণা কৰে । দ্বিতীয়তে অৰুণোদয় আচঁনিৰ  ধন মাহিলি ১৪০০  টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে । তৃতীয়তে ২লাখ যুৱকক আত্মসংস্থাপনৰ বাবে বেংকৰ  পৰা ২ লাখ টকাকৈ অনুদান দিয়াৰ সিদ্ধান্ত লোৱা  হৈছে ।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথাও অৱগত কৰে  যে গুৱাহাটীত  নিৰ্মাণ কৰাৰ দৰে ডাঙৰ কাৰ্যালয় এটা আজি ডিব্ৰুগড়তো অসমৰ  মুখ্য কাৰ্যালয় হিচাপে দল  এটাৰ বিশাল কাৰ্যালয় নিৰ্মাণৰ দিশত আগবাঢ়িছো । প্ৰতিখন জিলাত  যেনেদৰে কাৰ্যালয়সমুহ নিৰ্মাণ কৰা হৈছে বাকী ৭টা কাৰ্যলয়ৰ  নিৰ্মাণ কাৰ্য অতিশীঘ্ৰেই সমাপ্ত হব।

ইয়াৰ উপৰিও ভাষণ  প্ৰসংগত মুখ্যমন্ত্ৰী  গৰাকীয়ে কয় ,এইবোৰ কাম  আমি কৰিব  পাৰিছো বিজেপি চৰকাৰ আৰু  দ’লৰ বাবেহে । বিজেপিক আমি যিমান শক্তিশালী কৰিম আমাৰ অসম আগুৱাই  যাব , ভাৰতবৰ্ষ আগুৱাই যাব ।

Leave a Reply

Your email address will not be published. Required fields are marked *