ম্যানমাৰ টুৱেনচাঙৰ নিৰ্বাচনী প্ৰচাৰত উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ

Share

নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ পিছতেই কেন্দ্ৰই চুক্তি স্বাক্ষৰ কৰিব ইষ্টাৰ্ণ নাগা পিপিলছ অৰ্গেনাইজেচনত।মঙলবাৰে এই গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে নাগালেণ্ডলৈ অহা গৃহমন্ত্ৰী অমিত শ্বাহে ইণ্ডো-ম্য়ানমাৰ সীমান্তৰ টুৱেনছাং সদৰৰ নিৰ্বাচনী ৰেলীত অংশলৈ গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে চুক্তি স্বাক্ষৰ কৰা লগে লগেই ইষ্টাৰ্ণ নাগালেণ্ডৰ বিকাশ আৰু উন্নয়ন সুনিশ্চিত হ’ব বুলি তেওঁ বিশ্বাস কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কয় যে নাগালেণ্ডৰ জনসাধাৰণৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ ওপৰত অপৰিসীম বিশ্বাস আছে আছে আৰু লগতে কয় যে নাগালেণ্ডবাসীৰ আকাংক্ষা পূৰণ নোহোৱালৈকে বিজেপি কেতিয়াও পিছুৱাই নাযাই বুলি আশ্বাস দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

বিজেপি আৰু এনডিপিপিৰ প্ৰাৰ্থীৰ সমৰ্থনত টুৱেছাংত এক  নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি শ্বাহে কয় “নিৰ্বাচনৰ পূৰ্বে এনপিঅ’ই নিৰ্বাচন বৰ্জন কৰাৰ কথা ঘোষণা কৰিছিল।কাৰণ ইষ্টাৰ্ণ নাগালেণ্ডৰ সমস্যা সমাধান আৰু অঞ্চলটোৰ উন্নয়নৰ বাবে তেওঁলোকৰ দাবী ন্য়ায়সংগত।অমিত শ্বাহে কয় যে স্বাক্ষৰ হোৱা চুক্তিখনে পূৱ নাগালেণ্ডত ব্যাপক অগ্ৰগতি আৰু উন্নয়নৰ সূচনা কৰিব।

শ্বাহে কয় যে ২০১৪ চনৰ পূৰ্বে নাগালেণ্ডত ৰক্তপাত,গুলীচালনাৰ কাণ্ড,বোমা বিস্ফোৰণ,বিদ্ৰোহৰ দৰে ঘটনা সংঘটিত হৈছিল।কিন্তু নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত নগা শান্তি চুক্তিত স্বাক্ষৰ কৰি নগা শান্তি আলোচনা আগবঢ়াই নিছে যাৰ মঙলবাৰে উন্নয়ন আৰু প্ৰগতিৰ ক্ষেত্ৰত নাগালেণ্ড আগবাঢ়িছে।

উল্লেখযোগ্য যে টুৱেনচাঙৰ সদৰ সমষ্টিত অনুষ্ঠিত নিৰ্বাচনী সভাত নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী য়ানথাংগু পেট্ৰনকে বিজেপিৰ কেইবাগৰাকী শীৰ্ষনেতাই অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *