বহু প্ৰত্যাশিত অপেক্ষাৰ অন্তত আজি নিৰ্ণয় হ’ল বৃহত ৰাজনৈতিক ভাগ্য । কিয়নো বহুদিনৰে পৰা ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ জল্পনা কল্পনা অব্যাহত আছিল শাসক বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত । আজি ঘোষিত হ’ল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফলত । ফলাফলত বৃহত জয়ৰে বিজয়ী সাব্যস্ত কৰিলে দৌপ্ৰদী মূৰ্মুৱে ।বিৰোধী প্ৰাৰ্থী যশৱন্ত সিন্হাক তূমুল প্ৰতিদন্ধিতাত চেৰ পেলাই ইতিহাসৰ পাতত লিপিবদ্ধ হৈ ৰ’ল এন ডি এ পদৰ প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মু । কিয়নো তেৱেই হ’ল প্ৰথমগৰাকী চাহ জনজাতীয় মহিলা তথা দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি ।
১৯৫৮ চনৰ ২০ জুনত উৰিষ্যাৰ ময়ুৰভঞ্জ জিলাৰ বাইদাপোচি গাঁৱত জন্মগ্ৰহণ কৰা দ্ৰৌপদী মূ্ৰ্মুৱে স্বামীৰ মৃত্যুৰ পাছত ঘৰ চলাবলৈ এসময়ত শিক্ষকতা আৰু কেৰাণী হিচাপে কাম আৰম্ভ কৰাৰ পুাছত ১৯৯৭ চনত ৰায় ৰংপুৰ নগৰ পঞ্চায়তৰ কাউন্সিলাৰ নিৰ্বাচনত বিজয়ী হৈয়ে আৰম্ভ হৈছিল দ্ৰৌপদী মূৰ্মুৰ ৰাজনৈতিক জীৱন । ৰায়ংপুৰ আসনৰ পৰা দুবাৰকৈ বিধায়িকাও হৈছিল দ্ৰৌপদী মূৰ্মু ।তদুপৰি ওড়িষাৰ প্ৰাক্তন ৰাজ্যপালো আছিল দৌপদী মূৰ্মু । আৰু এইগৰাকী দ্ৰৌপদী মূৰ্মু এতিয়া ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি ।