নতুন নামেৰে নামকৰণ কৰা হ’ল ঐতিহাসিক দীঘলীপুখুৰী

Share

ঐতিহাসিক দীঘলীপুখুৰী ৰাজ্যৰ চৰকাৰে বহিৰাগত বণিয়াক লিজত দিয়াৰ পিছত সামাজিক মাধ্যমত তথা একাংশ সংবাদ মাধ্যমত চলি আছে তীব্ৰ প্ৰতিক্ৰিয়া। ইয়াৰ পিছতে শেহতীয়াকৈ অসম চৰকাৰে দীঘলীপুখুৰী চোৱা- চিতা তথা পুখুৰীটোৰ উন্নয়ণৰ সকলো কাম- কাজ চলোৱাৰ বাবে গুজৰাটৰ এটি কোম্পানীক দায়িত্ব অৰ্পন কৰে।

উল্লেখ্য যে, অসম চৰকাৰে নিবিদা প্ৰকাশ কৰা পিছতে দীঘলীপুখুৰীৰ কৰ্তৃত্ব গুজৰাট কোম্পানীটোক দিয়াক লৈ একাংশ সচেতন লোকৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। লগতে অসম পৰ্যটন বিভাগৰ এনে কাণ্ডক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

এনে পৰিস্থিতি চলি থকাৰ সময়তে গুজৰাটৰ কোম্পানীটোৱে দীঘলীপুখুৰীৰ দায়িত্ব লোৱাৰ পিছতে সলনি কৰি দিয়ে ঐতিহাসিক দীঘলীপুখুৰীৰ নাম। দীঘলীপুখুৰীৰ ঠাইত কোম্পানীটোৱে ‘ এন্টাৰটিকা দীঘলীপুখুৰী বুলি নামকৰণ কৰে। এতিয়া বৰ্তমান সময়ত ইয়াক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *