হিমন্ত বিশ্ব শৰ্মাই কেজৰিৱালৰ বিৰুদ্ধে ৰুজু কৰিব মানহানি গোচৰ

Share

২ এপ্ৰিলত অসমলৈ আহিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। গুৱাহাটীৰ সোণাৰাম খেলপথাৰত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ৰাজহুৱা সভাত দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰা পৰিলক্ষিত হয়।

অৰবিন্দ কেজৰিৱালৰ মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেজৰিৱাল বিৰুদ্ধে মানহানি গোচৰ দিয়াৰ ভাবুকি প্ৰদান কৰে হিমন্ত বিশ্ব শৰ্মাই। লগতে তেওঁ এই কথাও উল্লেখ কৰে যে তেওঁ দিল্লীলৈ যাব কিন্তু মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণ গ্ৰহণ কৰা পৰিৱৰ্তে নিজে গুগল কৰিব পৰা ঠাইসমূহে ভ্ৰমণ কৰিব।

ইয়াৰ পূৰ্বেও অসমৰ মুখ্যমন্ত্ৰী  আৰু দিল্লী মুখ্যমন্ত্ৰী মাজত থকা ৰাজনৈতিক বাক- বিতণ্ডা বহু পুৰণি। কেজৰিৱাল অসমলৈ অহা পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ওপৰত মানহানি গোচৰ দিয়াৰ কথা উল্লেখ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *