ভূমিস্খলনৰ ফলত বিধস্ত হিমাচল প্ৰদেশ

Share

পুনৰ প্ৰকৃতিৰ ৰোষত পৰিছে হিমাচল প্ৰদেশ ৷ প্ৰকৃতিয়ে ৰুদ্ৰ ৰূপ ধাৰণ কৰা পাহাৰীয়া ৰাজ্যখনৰ কুল্লু অঞ্চলত শেহতীয়াকৈ হোৱা ভূমিস্খলনৰ ফলত ৮টা কৈ বাসগৃহ নিশ্চিহ্ন হোৱাৰ উপৰিও ৰাজ্যখনৰ বহুকেইখন সৰু-বৰ চহৰত যাতায়ত ব্যৱস্থা অচল হৈ পৰিছে ৷  ফলত সৰ্বসাধাৰণৰ জীৱন যাত্ৰাত ব্যাঘাত জন্মাইছে ৷  জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুযায়ী শেহতীয়াকৈ হোৱা ভূমিস্খলনৰ ফলত কোনো লোকৰ প্ৰাণহানি হোৱা নাই যদিও বহুতো মূল্যৱান সা-সামগ্ৰীৰ ক্ষতিগ্ৰস্ত হয় ৷  দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জাৰি কৰা সতৰ্কবাণীৰ পিছতে অঞ্চলটোৰ অট্টালিকাসমূহত বাস কৰা আৱাসীসমূহক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হোৱাত বহুলোক প্ৰাণহানি হোৱাৰ পৰা ৰক্ষা পৰে ৷  দুৰ্যোগ প্ৰশমন বিভাগে উল্লেখ কৰা অনুসৰি এতিয়াও বিপদমুক্ত নহয় ৰাজ্যখন ।  যিকোনো মুহূৰ্ততে অনাকাংক্ষিত  প্ৰাকৃতিক দুৰ্যোগ হোৱাৰ সম্ভাৱনা প্ৰৱল ৷

Leave a Reply

Your email address will not be published. Required fields are marked *