শপত গ্ৰহণ কৰাৰ এদিন পিছতে সোমবাৰে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে প্ৰশাসনক অটল সুৰংগৰ উদ্বোধনী ফলক পুনৰুদ্ধাৰ কৰিবলৈ নিৰ্দেশ দিছে। যিটো ২০২০ চনত সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছিল। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ফলকখন নাই, যিটো গণতন্ত্ৰক অপমান কৰা হৈছে। সেয়েহে অতি সোনকালে সুৰংগটো পুনৰুদ্ধাৰ কৰিবলৈ আদেশ দিয়ে । মুখ্যমন্ত্ৰী সুখুৱে ২০১০ চনত ৰাষ্ট্ৰীয় উপদেষ্টা পৰিষদৰ অধ্যক্ষ হিচাপে ছোনিয়া গান্ধীয়ে উদ্বোধন কৰা অটল সুৰংগৰ মুল ফলকখন পুনৰুদ্ধাৰ কৰাৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰে। হিমাচল প্ৰদেশৰ কুল্লু জিলাত বিশ্বৰ আটাইতকৈ দীঘল মটৰযোগ্য সুৰংগ ৯.০২ কিলোমিটাৰ দীঘল ঘোঁৰাৰ নালৰ আকৃতিৰ অটল টানেলটো সীমান্ত পথ সংস্থাই স্থলবেষ্টিত লাহৌল-স্পিতি জিলাক মানালীৰ সৈতে সংযোগ কৰিবলৈ নিৰ্মাণ কৰিছিল। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে অটল সুৰংগটোৰ নাম আছিল ৰোহতাং সুৰংগ যিটো ছোনিয়া গান্ধীয়ে ইন্দৰা গান্ধীৰ নামত উছৰ্গা কৰিছিল ।