অসমত সৰ্বাধিক স্মাৰ্ট মিটাৰ সংস্থাপন

Share

বিগত সময়চোৱাত অসমত  স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি উঠিছিল । বৰ্তমানে ৰাজ্যৰ ভিন্ন প্ৰান্তত আন্দোলন অব্যাহত থকাৰ পৰিপেক্ষিততে লোকসভাৰ মজিয়াত সদৰী হৈছে এক বিস্ফোৰক তথ্য । ৰাজ্যবাসীয়ে স্মাৰ্ট মিটাৰৰ সংযোগত দেশৰ ভিতৰতে শীৰ্ষত আছে অসম । গুজৰাট , উত্তৰপ্ৰদেশ , মহাৰাষ্ট্ৰ , আদি ৰাজ্যৰ কোম্পানীয়ে অসমত স্মাৰ্ট মিটাৰ সংস্থাপনৰ কাম কৰিলেও আন ৰাজ্য বিলাকত কম পৰিমাণে স্মাৰ্ট মিটাৰ সংযোগ কৰিছে । উল্লেখ্য যে অসমৰ প্ৰায় গাঁওতে শক্তি বিভাগে স্মাৰ্ট মিটাৰ সংযোগ কৰিছে । কেন্দ্ৰীয়  শক্তি মন্ত্ৰী শিৱৰাজ সিং চৌহানে সদৰী কৰিলে এই  বিস্ফোৰক তথ্য । অসমৰ পিছতে  স্মাৰ্ট মিটাৰ  সংযোগত  দ্বিতীয় বিহাৰ ৰাজ্য । বৰ্তমানলৈ স্মাৰ্ট মিটাৰ সংস্থাপন কৰা দেশৰ ১৬ খন ৰাজ্যৰ শেষত মণিপুৰ । অসমত প্ৰায় ২৩ লাখ লোকৰ ঘৰত স্মাৰ্ট মিটাৰ   সংস্থাপনত ৰাজ্যবাসীয়ে ৰাজপথত  প্ৰতিবাদ সাব্যস্ত কৰিছে । এই ক্ষেত্ৰত অসমৰ শক্তি বিভাগে কোনো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা নাই ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *