এতিয়াও ৰাজ্যত চলিয়ে আছে ড্ৰাগছৰ অবাধ সৰবৰাহ ৷ ৰাজ্যৰ কিছুমান ড্ৰাগছ সৰবৰাহকাৰীয়ে আন ৰাজ্যৰপৰা বিভিন্ন কূট-কৌশল আৱলম্বন কৰি অসমত ড্ৰাগছৰ এক ডাঙৰ বেহা চলাই আছে ৷ইয়াৰ সমান্তৰালকৈ অসম আৰক্ষীয়েও ইয়াৰ ওপৰত অধিক সজাগতা অৱলম্বন কৰি নিতও বহুতো ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিছে ৷ সেই একে সময়তে ডিআইজি পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ সহযোগত এছটিএফৰ দল এটাই অভিযান চলাই কামৰুপ জিলাৰ গৌৰীপুৰত মণিপুৰৰপৰা অহা এ এছ-২৫ ই চি ৪৪৬৪ নম্বৰৰ হেৰ’ইনভৰ্তি টাটা ডি আই গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয় আৰু ২জন লোকক গ্ৰেপ্তাৰ কৰিবলৈও সক্ষম হয় ৷ গ্ৰেপ্তাৰৰ সময়ত সৰবৰাহকৰী দুজন পলাবলৈ লওঁতে দুজাঁই গুলীও ফুটাবলগীয়া হয় ৷ জব্দ কৰা হেৰ’ইনখিনিৰ ওজন ১.৮ কেজি আৰু মূল্য আছিল প্ৰায় ১৫ কোটি ৷ গ্ৰেপ্তাৰ হোৱা ধূত সৰবৰাহকাৰী দুজন ক্ৰমে গাড়ীগাঁৱৰ ছনু আলী আৰু জালুকবাৰীৰ অৰ্জুন বাছফৰ বুলি জানিব পৰা গৈছে ৷