অহা পাঁচ দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত হ’ব প্ৰবল বৃষ্টিপাত

Share

অনাগত পাঁচটা দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰবল বৃষ্টিপাত হ’ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী জাৰি কৰে। এই জাননীৰ পৰিপেক্ষিতত ৰাজ্যত ভয়াৱহ দূৰ্যোগৰ সম্ভাৱনা ব্যক্ত কৰি জিলা উপায়ুক্তসকলক সৰ্তক হৈ থাকিবলৈ মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মাই নিৰ্দেশ জাৰি কৰিছে। 

বাৰিষাৰ সময়চোৱাত বৰষুণৰ ফলত হব পৰা বানপানী সমস্যা ৰোধৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে জিলা উপায়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে এক বৈঠকত মিলিত হয়। এই বৈঠকত জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা, ৰাজহ মন্ত্ৰী যোগেন মহন, সেনা আৰু বায়ু সেনা বাহিনীকে ধৰি শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

উল্লেখযোগ্য যে, বানপানী প্ৰভাৱিত দ’ অঞ্চলসমূহত বসবাস কৰা লোকসকলৰ বাবে সাহায্য শিবিৰ স্থাপন আৰু সাহায্য বিতৰণ কেন্দ্ৰ সমূহক আগতীয়াকৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ কয়। ডিমা হাচাওৰ দৰে বানপানীৰ সম্ভাৱনা থকা জিলা সমূহত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ জোৱানসকলক প্ৰস্তুত হৈ থাকিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মাই ।

লগতে মুখ্যমন্ত্ৰীয়ে মহানগৰীত সঘনে হৈ থকা কৃত্ৰিম বানপানীৰ ৰোধৰ বাবে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘা নিধি দাহালক  সমগ্ৰ মহানগৰৰ নলা-নৰ্দমা পৰিস্কাৰ কৰাবলৈ নিৰ্দেশ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *